শোচনীয় অৱস্থা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ

শোচনীয় অৱস্থা ৰাজ্যৰ  প্ৰাথমিক বিদ্যালয়ৰ

ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰাথমিক শিক্ষা অতি প্ৰয়োজনীয় ৷ কিন্তু সম্প্ৰতি অসমত প্ৰাথমিক শিক্ষাৰ অৱস্থা অতিশয় শোচনীয় ।কাৰণ ৰাজ্যৰ বৃহৎ সংখ্যক চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ হৈ পৰিছে ৷ লগতে কিছু সংখ্যক বিদ্যালয় এতিয়াও বন্ধ হোৱাৰ পথত ৷ ইফালে ৰাজ্য শিক্ষা বিভাগেও এই সন্দৰ্ভত অনিশ্চয়তা প্ৰকাশ কৰিছে।

অন্যহাতে, এক বিশেষ সূত্ৰৰ মতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতি সীমিত হোৱাৰ কাৰণে ৰাজ্যৰ বহু প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হৈ পৰিছে ৷ বিভিন্ন কাৰণত ৰাজ্যৰ কিছু সংখ্যক পিতৃ মাতৃয়ে চৰকাৰী বিদ্যালয়ত সন্তান সকলক নামভৰ্তি কৰিব নিবিচাৰে ৷ উদাহৰণ স্বৰূপে তেজপুৰৰ বিবেকানন্দ বিদ্যাপীঠত প্ৰথম শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ ১৩ জন শিক্ষকৰ ভিতৰত ৪০ জন ছাত্ৰ ছাত্ৰী আছে ৷

গতিকে বিদ্যালয়খন এনে অৱস্থাত থাকিলে অনতি পলমে মৃত্যু ঘন্টা বাজিব ৷ নগাঁও জিলাত চৰকাৰী বিদ্যালয়ৰ ছবি অত্যন্ত শোচনীয় ৷এক বিশেষ সূত্ৰৰ মন্তব্য অনুসৰি কঠিয়াতলি মুদৈনি প্ৰাথমিক বিদ্যালয়,ধিঙৰ গোসাঁইপতি প্ৰাথমিক বিদ্যালয়,কলিয়াবৰৰ বান্দৰডুবি প্ৰাথমিক বিদ্যালয়,নগাঁৱৰ ননৈ প্ৰাথমিক বিদ্যালয় প্ৰায় বন্ধ হৈ পৰিছে ৷ আৰু এই বিদ্যালয়কেইখনৰ বন্ধ হোৱাৰ একমাত্ৰ কাৰণ হৈছে পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰী ৷ জিলাখনৰ বহু সংখ্যক অন্যান্য বিদ্যালয় বন্ধ হোৱাৰ পথত ৷

ইফালে ৰাজ্যৰ অন্যান্য বিদ্যালয়সমূহৰ অৱস্থাও প্ৰায় একেই ৷ গতিকে চৰকাৰী বিদ্যালয়সমূহৰ এই সমস্যাটো অত্যন্ত গুৰুত্ব পূৰ্ণ। এটা সময় আছিল,যি সময়ত ৰাজ্যত চৰকাৰী বিদ্যালয়সমূহক স্থাপন কৰা হৈছিল ৷ লগতে ছাত্ৰ ছাত্ৰীলৈ লক্ষ্য কৰি এক নিৰ্দিষ্ট দুৰত্ত্বত দুখন চৰকাৰী বিদ্যালয় স্থাপন কৰাটোও অতি গুৰুত্ব পূৰ্ণ ৷ উল্লেখ্য যে চৰকাৰী বিদ্যালয়ৰ এই সমস্যাটো সম্প্ৰতি বৃদ্ধি পাইছে । উচ্চ গুণগত মানদণ্ডৰ শিক্ষাৰেহে চৰকাৰী বিদ্যালয়সমূহক জীয়াই ৰাখিব পাৰিব ৷

ইফালে ৰাজ্যৰ প্ৰায় তিনিশ প্ৰাদেশীকৃত মহাবিদ্যালয়ত শীঘ্ৰে আৰম্ভ হ’ব স্থায়ী শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ৷ মংগলবাৰে এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ ৬৩ খন মহাবিদ্যালয়ত আগন্তুক তিনি মাহৰ ভিতৰত সম্পন্ন হ’ব নিযুক্তি প্ৰক্ৰিয়া ৷ ইফালে নতুন শিক্ষকৰ নিযুক্তি নোহোৱা পৰ্যন্ত ঠিকাভিত্তিক শিক্ষকসকলে মহাবিদ্যালয়ত কাম কৰিব পাৰিব ৷এটা বিভাগত এজন ঠিকা ভিত্তিক শিক্ষকে মাত্ৰ ২০-২৫ হাজাৰ টকাত কাম কৰিব আৰু একেটা পদতে স্থায়ী শিক্ষকজনে এক লাখতকৈ অধিক দৰমহা লাভ কৰা ৰাজ্যপালে বিচৰা নাই ৷

গতিকে আমি ঠিকা ভিত্তিক শিক্ষকবোৰে চাকৰি নিয়মীয়া কৰিম। এই মন্তব্য সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷এই নিযুক্তি দিয়াৰ লগে লগে ঠিকাভিত্তিক শিক্ষকসকলে সেই পদত নিযুক্তি পাব ।কিন্তু অৰ্হতাৰ ভিত্তিতহে এই নিযুক্তি দিয়া হ’ব ৷ ৬৩ খন মহাবিদ্যালয়ৰ পাছত অন্যান্য মহাবিদ্যালয়সমূহত ক্ৰমান্বয়ে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com