দ্বিতীয়টো কাৰ্যকাল আৰম্ভনি হোৱাৰ পিছত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দ্বিতীয়টো কাৰ্যকাল আৰম্ভনি হোৱাৰ পিছত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ১৯৭৫ চনৰ ২৫ জুনৰ জৰুৰীকালীন অৱস্থাৰ সন্দৰ্ভত কয় যে গণতন্ত্ৰ ভাৰতীয় সংস্কৃতিৰ এটি অংশ ৷ দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমবাৰৰ কাৰণে ৰেডিঅ’ৰ মন কে বাত অনুষ্ঠানত ভাগ লয় দেওবাৰে । মোডীয়ে জনসাধাৰণক স্বচ্ছ ভাৰত মিশ্যনৰ লগতে জল সংৰক্ষণৰ ক্ষেত্ৰত এটি আন্দোলন গঢ়িবলৈ আহ্বান কৰে ৷

জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে যেতিয়া জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল তেতিয়া ৰাজনৈতিক দলৰ উপৰিও আম আদমীয়েও ইয়াৰ বিৰোধিতা কৰিছিল ৷ নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে যেতিয়া আমাৰ লগত কিছুমান বস্তু থাকে তেতিয়া আমি সেই বস্তুবোৰৰ মূল্য বুজি নাপাওঁ ৷ আমি ইয়াৰ গুৰুত্বপূৰ্ণ তথ্যসমূহকো লক্ষ্য নকৰোঁ ৷

আমি মনত ৰখা উচিত যে আমাৰ গণতন্ত্ৰ বহুত সমৃদ্ধিশালী৷মোডীয়ে লগতে কয় যে কিছুমান নিয়ম আৰু আইনৰ উপৰিও গণতন্ত্ৰ আমাৰ সংস্কৃতি৷ যেতিয়া জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰা হৈছিল তেতিয়া ইয়াৰ বিৰোধ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ মাজতেই সীমাবদ্ধ নাছিল ৷ সকলোৰে মাজত ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি কয় যে সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা চলিত চৰকাৰখন গঠন কৰিছে ৷ গতিকে বিগত নিৰ্বাচন হৈছে বিশ্বৰ সকলোতকৈ বৃহৎ গণতান্ত্ৰিক নিৰ্বাচন। এই নিৰ্বাচনে প্ৰত্যেকজন নাগৰিকক গৌৰাম্বিত কৰিছে ৷ লোকসভা নিৰ্বাচনত ভোটদান কৰা ভোটাৰৰ সংখ্যা আমেৰিকাৰ জনসংখ্যাতকৈ বেছি বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ লগতে নিৰ্বাচন সফলভাৱে অনুষ্ঠিত কৰা শিক্ষক,বিষয়া আৰু সুৰক্ষা কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে মোডীয়ে । আৰু সততে পানী সংৰক্ষণৰ প্ৰসংগ উত্থাপনৰ প্ৰসংগত সকলোকে পানী সংৰক্ষণ কৰিবলৈ আহ্বান কৰে ৷

পানী সংৰক্ষণ কৰাৰ কোনো নিয়ম নাই। পৃথক পৃথক ঠাইত পানী সংৰক্ষণ কৰাৰ পৃথক প্ৰণালী থাকে ৷ কিন্তু আমাৰ সকলোৰে উদ্দেশ্য এটাই হ’ব লাগে যে আমি পানী সংৰক্ষণ কৰিব লাগে ৷ পানী সংৰক্ষণৰ বিভিন্ন প্ৰসংগ উল্লেখ কৰি কয় যে তামিলনাডুৰ ২০,০০০ মহিলাই মিলি নাগ নদীখন পুনৰোজ্জীৱিত কৰে ৷ গতিকে এনেধৰণৰ বহুত প্ৰয়াস কৰাৰ কথাও উল্লেখ কৰে। যিয়ে সম্প্ৰতি অসম্ভৱক সম্ভৱ কৰি তুলিছে ৷ লগতে সকলোকে কিতাপ পঢ়িবলৈ আহ্বান কৰে। আৰু যিকোনো উৎসৱ বা অনুষ্ঠানত ফুলৰ থোপাৰ বিপৰীতে কিতাপ দিবলৈ অনুৰোধ কৰে ৷

ইফালে সাম্প্ৰতিক কালত গুগল গুৰুৰ পৰা অলপ সময় উলিয়াই সকলোকে নিজৰ অলপ সময় কিতাপৰ নামত নিৰ্মজিত কৰিবলৈ আহ্বান কৰে। উল্লেখ যে মন কী বাত অনুষ্ঠানত আমাৰ দেশবাসীৰ মাজত আভ্যন্তৰীণ শক্তি তথা প্ৰতিভাৰ কোনো গুনে কম নহয় বুলি মন্তব্য কৰে ৷ মন কী বাত অনুষ্ঠানত বিগত সময়ত বহু ফোন কল আৰু পত্ৰ লাভ কৰাৰ কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com