Begin typing your search above and press return to search.

ব্ৰেকআপ খবৰৰ মাজতে টাইগাৰ শ্ৰফ আৰু দিশা পাটানী একেলগেঃউৎসুক অনুৰাগী

ব্ৰেকআপ খবৰৰ মাজতে টাইগাৰ শ্ৰফ আৰু দিশা পাটানী একেলগেঃউৎসুক অনুৰাগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2019 12:03 PM GMT

বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ আৰু দিশা পাটানীৰ ব্ৰেকআপৰ মাজতে দুয়োজনকে মুম্বাইৰ এক ৰেষ্টুৰেন্টত ডিনাৰ কৰা দেখিবলৈ পোৱা গৈছে ৷ গতিকে টাইগাৰ আৰু দিশাৰ ডিনাৰ ডেট অনুৰাগীসকলৰ কাৰণে এক বিশেষ হিছাপে পৰিগণিত হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আলোকচিত্ৰ সমূহত টাইগাৰ শ্ৰফক অলিভ অইল টি চাৰ্ট আৰু জিন্স পৰিধান কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ বিপৰীতে দিশা পাটানীয়ে নীলা ৰঙৰ এটি পোচাক পৰিধান কৰা দেখিবলৈ পোৱা গৈছে ৷আৰু দুয়োগৰাকী অভিনেতা- অভিনেত্ৰী তথা প্ৰেমিক যুগলক বহু আনন্দত দেখিবলৈ পোৱা গৈছে।

অন্যহাতে বলীউডত সততে চৰ্চা লাভ কৰি থকা প্ৰেমিক যুগল দিশা আৰু টাইগাৰ শ্ৰফে কেতিয়াও নিজৰ সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ নকৰে ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি টাইগাৰ আৰু দিশাৰ সম্পৰ্ক সম্প্ৰতি সহজ হৈ থকা নাই ৷গতিকে তেওঁলোকে সম্প্ৰতি পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লৈছে ৷

ইফালে এক সাক্ষাৎকাৰত দিশাই কৈছিল যে টাইগাৰ মোৰ ভাল বন্ধু মই টাইগাৰৰ মন জয় কৰিবলৈ বহু চেষ্টা কৰোঁ ৷কিন্তু বিফল হওঁ ৷ টাইগাৰ যিকোনো কামত সীমিত গতিৰে আগবাঢ়ে ৷ গতিকে দিশা পাটানীৰ এই মন্তব্য সমূহৰ পৰা তেওঁলোকৰ মাজত যে কিবা বিশেষ সম্পৰ্ক আছে সেইটো কথা প্ৰতিপন্ন হয় ।

উল্লেখ্য যে দিশা পাটানীৰ নাম জেকী শ্ৰফৰ পুত্ৰ টাইগাৰ শ্ৰফৰ লগত জৰিত হৈ পৰা কথাটো চলচ্চিত্ৰ অনুৰাগীসকলে প্ৰায়ে জানে ৷দুয়োজন ছুপাৰষ্টাৰক বিভিন্ন ক্ষেত্ৰত একেলগে দেখা পোৱা যায়। অভিনয় জীৱনৰ আৰম্ভনিৰ পৰাই দুয়োজনৰ সম্পৰ্কৰ কথা জনসাধাৰণৰ মাজত চৰ্চিত হৈ আছে ৷ এটি সাক্ষাৎকাৰত জেকি শ্ৰফে কয় যে নাজানো দুয়োজনেও ভৱিষ্যতে বিবাহ পাশত আৱদ্ধ হ’ব পাৰে ৷ টাইগাৰ আৰু দিশা পাটানী দুয়োজনক বাগী টু ছবিত দেখিবলৈ পোৱা গৈছে।

সম্প্ৰতি দিশায়ে মলঙ ছবিব দৃশ্য গ্ৰহণত ব্যস্ত আছে । ইফালে আদিত্য ঠাকৰেৰ লগত ডিনাৰ কৰিবলৈ গৈ ট্ৰ’ল হৈছিল দিশা পাটানী ৷বিশেষকৈ টাইগাৰ শ্ৰফৰ অনুৰাগীসকলে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছিল ।

বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ আৰু দিশা পাটানীৰ মলঙ ছবিখনৰ সম্প্ৰতি দৃশ্যগ্ৰহণ আৰম্ভ হৈছে ৷ সদ্য মুক্তি প্ৰাপ্ত ছবি কলংকৰ মুক্তিৰ পিছত আদিত্য ৰয় কাপুৰৰ মলঙ ছবিখন চৰ্চাৰ শীৰ্ষত ৷

মলঙ ছবিখন মুক্তি পাব অনাগত বৰ্ষৰ ভেলেন্টাইন ডে’ট ৷ অন্যহাতে, সম্প্ৰতি আদিত্য আৰু দিশা পাটানীৰ যোৰীটোৱে বলীউডৰ দৰ্শকক কেনেদৰে আকৰ্ষণ কৰিব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক: জন্ম দিনৰ বহু শুভেচ্ছা বলীউডৰ সুন্দৰী দিশা পাটানীলৈ

Next Story
চাকৰি