জন্ম দিনৰ বহু শুভেচ্ছা বলীউডৰ সুন্দৰী দিশা পাটানীলৈ

জন্ম দিনৰ বহু শুভেচ্ছা বলীউডৰ সুন্দৰী দিশা পাটানীলৈ

আজি বলীউডৰ অভিনেত্ৰী দিশা পাটানীৰ জন্ম দিন ৷১৯৯২ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল বলীউডৰ অভিনেত্ৰী দিশা পাটানীয়ে । সম্প্ৰতি দিশাক দেখিবলৈ পোৱা গৈছে ভাৰত ছবিত ৷২৭ বছৰীয়া অভিনেত্ৰী দিশা উত্তৰ প্ৰদেশৰ বৰেলীত জন্ম গ্ৰহণ কৰিছিল ৷ দিশা পাটানী শৈশৱতে হ’ব বিছাৰিছিল বিজ্ঞানী ৷

কিন্তু ২০১১ চনত লক্ষ্ণৌ এমিটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সময়ত তেও মডেলিং আৰম্ভ কৰে ৷সেই সময়তে লক্ষ্ণৌ মহাবিদ্যালয়ৰ ফেয়াৰৱেল পাৰ্টিত দিশা পাটানীয়ে মিছ কলেজ খিতাপ লাভ কৰে। ইয়াৰ পিছত দিশাই মিছ লক্ষ্ণৌ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ৷ ইয়াৰ পিছত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে দিশাই। ইয়াত দিশাই লাভ কৰে ফাষ্ট ৰানাৰ আপ ৷ দিশা পাটানীয়ে প্ৰথম তেলেগু ছবিৰ জৰিয়তে ছবি জগতত পদাৰ্পন কৰে।

প্ৰথমতে এগৰাকী বিজ্ঞানী হ’বৰ কাৰণে প্ৰস্তুতি কৰা দিশাই পিছলৈ এগৰাকী অভিনেত্ৰী হিছাপে প্ৰতিষ্ঠা লাভ কৰে । ১৭ বছৰ বয়সতে দিশা পাটানীয়ে ফ’টো শ্ব্যুট কৰে ৷ ২০১৫ চনত দিশা কেটবেৰীৰ এটা বিজ্ঞাপনত দেখা যায় । এই বছৰত দিশাই মবাইল কম্পেনীৰ এটি বিজ্ঞাপনতো কাম কৰে৷ ইয়াৰ পিছত তেলেগু ছবি পৰিচালক পুৰী জগন্নাথে তেওঁৰ ছবিৰ কাৰণে দিশাক চুক্তি বদ্ধ কৰে ৷আৰু ইয়াৰ পৰাই আৰম্ভ হৈছে দিশা পাটানীৰ অভিনয় জীৱন ৷ ২০১৬ চনত দিশা পাটানীক দেখিবলৈ পোৱা যায় এমএছ ধোনীঃদ্য আন ট’ল্ড ষ্টৰীত ৷

ইফালে সততে দিশা পাটানীৰ নাম জেকী শ্ৰফৰ পুত্ৰ টাইগাৰ শ্ৰফৰ লগত জৰিত হৈ পৰা কথাটো চলচ্চিত্ৰ অনুৰাগীসকলে প্ৰায়ে জানে ৷দুয়োজন ছুপাৰষ্টাৰক বিভিন্ন ক্ষেত্ৰত একেলগে দেখা পোৱা যায়। অভিনয় জীৱনৰ আৰম্ভনিৰ পৰাই দুয়োজনৰ সম্পৰ্কৰ কথা জনসাধাৰণৰ মাজত চৰ্চিত হৈ আছে ৷ এটি সাক্ষাৎকাৰত জেকি শ্ৰফে কয় যে নাজানো দুয়োজনেও ভৱিষ্যতে বিবাহ পাশত আৱদ্ধ হ’ব পাৰে ৷ টাইগাৰ আৰু জেকী শ্ৰফ দুয়োজনক বাগী টু ছবিত দেখিবলৈ পোৱা গৈছে।

অভিনেতা তথা দিশা পাটানীৰ বন্ধু টাইগাৰ শ্ৰফে অভিনেত্ৰী গৰাকীক অলপ বেলেগ ধৰণে শুভেচ্ছা জ্ঞাপন কৰিছে ইনষ্টাগ্ৰামৰ জৰিয়তে দিশাক টাইগাৰে জনালে জন্ম দিনৰ শুভেচ্ছা। লগতে লিখিলে যে Happy Birthday d.

https://www.instagram.com/p/Byo6XVMnmDR/

সম্প্ৰতি দিশায়ে মলঙ ছবিব দৃশ্য গ্ৰহণত ব্যস্ত আছে । ইফালে আদিত্য ঠাকৰেৰ লগত ডিনাৰ কৰিবলৈ গৈ ট্ৰ’ল হৈছিল দিশা পাটানী ৷বিশেষকৈ টাইগাৰ শ্ৰফৰ অনুৰাগীসকলে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com