স্বৰ্ণ কন্যা হিমা দাসৰ পিছতে শ্বট পুটত সোনৰ পদকেৰে তুনলাই নাৰ্জাৰীৰ সাফল্য

স্বৰ্ণ কন্যা হিমা দাসৰ পিছতে শ্বট পুটত সোনৰ পদকেৰে তুনলাই নাৰ্জাৰীৰ সাফল্য

স্বৰ্ণ কন্যা হিমা দাসে একেৰাহে লাভ কৰা সাফল্যৰ পিছতে, অসমৰ আৰু এগৰাকী খেলুৱৈয়ে বিশ্বৰ দৰবাৰত দেশৰ লগতে ৰাজ্যৰ নাম উজলাই তুলিছে ৷ সদ্যহতে কিৰ্গিস্তানৰ বিছকেকত আয়োজিত ২২ সংখ্যক তাত্যানা ক’ল্পাকোৱা মেমোৰিয়েল আন্তঃৰাষ্ট্ৰীয় এথলেটিক্ছত তুনলাই নাৰ্জাৰীয়ে শ্বট পুটত সোনৰ পদকেৰে গৌৰাম্বিত কৰে অসমবাসীয়ে ।

পশ্চিম অসমৰ কোকৰাঝাৰ জিলাৰ ঘিলাঘূৰি দোতমা গাঁৱৰ তুনলাই নাৰ্জাৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহিলাৰ শ্বট পুটত ১৩:৮৩ মিটাৰত সাফল্য অৰ্জন কৰে ৷নাৰ্জাৰীয়ে সম্প্ৰতি অসম আৰক্ষীৰ ১০ নম্বৰ বেটেলিয়নত কৰ্মৰত । যিয়ে ১০০ মিটাৰ দৌৰেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ আৰু ২০০৮ চনত তুনলাই নাৰ্জাৰী কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ কেন্দ্ৰত নিজৰ নাম অন্তৰ্ভূক্ত কৰে ৷

২০১৩ চনত ১০ ৰ পৰা ১৩ নবেম্বৰৰ পৰা ৰাঁচী,ঝাৰখণ্ডত আয়োজিত দক্ষিণ এছিয়া জুনিয়ৰ এথলেটিকছ চেম্পিয়ন শ্বিপত নাৰ্জাৰীৰ নাম অন্তৰ্ভূক্ত হৈছিল ৷ ইফালে ২০১৩ চনত ২২ ৰ পৰা ২৪ ছেপ্তম্বৰলৈ কেৰালাত আয়োজিত নেশ্যনেল ইন্টাৰ জোনল এথলেটিকছ ছেম্পিয়নশ্বিপত ১২:০৯ মিটাৰেৰে শ্বট পুটত স্বৰ্ণ পদক অৰ্জন কৰে ।

উল্লেখ্য যে বিগত বৰ্ষত নাৰ্জাৰীয়ে মনিপুৰত আয়োজিত প্ৰথম উত্তৰ পূৱ অলিম্পিক খেলত শ্বট পুটত স্বৰ্ণ পদক অৰ্জন কৰিছিল ৷ সদ্যহতে স্বৰ্ণ কন্যা হিমা দাসৰ বৃহৎ সাফল্যৰ পিছতে তুনলাই নাৰ্জাৰীৰ এই সাফল্য গৌৰাম্বিত দেশ বাসী ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com