অনুস্কা শৰ্মাৰ শুভেচ্ছাত প্ৰতিক্ৰিয়া স্বৰ্ণ কন্যা হিমা দাসৰ: কিন্তু কি ক’লে স্বৰ্ণ কন্যাই ?

অনুস্কা শৰ্মাৰ শুভেচ্ছাত প্ৰতিক্ৰিয়া স্বৰ্ণ কন্যা হিমা দাসৰ: কিন্তু কি ক’লে স্বৰ্ণ কন্যাই ?

অনুস্কা শৰ্মাৰ শুভেচ্ছাত প্ৰতিক্ৰিয়া স্বৰ্ণ কন্যা হিমা দাসৰ ৷ বৰ্তমান অসমৰ আটাইতকৈ চৰ্চিত নামটো হৈছে স্বৰ্ণ কন্যা হিমা দাস ৷ ন’হবনো কিয়? ১৯ বছৰীয়া হিমা দাসে ১৯ দিনত পাঁচটাকৈ সোনৰ পদকেৰে দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিছে৷ দৌৰ ৰাণী হিমা কেৱল যে খেলতে পাৰ্গত তেনে নহয় ৷ অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য্য আগবঢ়াই হিমা দাসে মানবীয়তাৰ নিদৰ্শন আগবঢ়াইছে ৷

ইফালে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু সুনাম কঢ়িয়াই অনাৰ পিছত হিমা দাসলৈ শুভকামনা জনাইছে সমাজৰ সকলোলোকে ৷ তাৰ ভিতৰত আছে ৰাজনৈতিক নেতা,অভিনেতা, সমাজ সেৱক সকলো আগশাৰী ব্যক্তিয়ে ৷ ইয়াৰ মাজতে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী তথা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী অনুস্কা শৰ্মাই হিমা দাসৰ সাফল্যক শুভেচ্ছা জ্ঞাপন কৰে ৷

অনুস্কা শৰ্মাই হিমা দাসক ধৈৰ্য্য আৰু দৃঢ় সংকল্পৰ কাৰণে প্ৰশংসা কৰে ৷ লগতে হিমাৰ এই সাফল্য নৱ প্ৰজন্মৰ যুৱতীসকলৰ কাৰণে প্ৰেৰণা দায়ক বুলি মন্তব্য কৰে। অনুস্কা শৰ্মাৰ এই টুইটৰ পিছতে হিমা দাসে সাদৰেৰে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰি কয় যে হিমা, বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাৰ ভীষণ অনুৰাগী ।

আনহাতে অসমৰ যুৱ প্ৰজন্মৰ স্বৰ্ণ কন্যা হিমা দাস সচাঁ অৰ্থত নতুন প্ৰজন্মৰ কাৰণে প্ৰেৰনা দায়ক ৷ অসমৰ এখন সুদূৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হিমা দাসৰ এই যাত্ৰা সচাঁকৈয়ে প্ৰশংসনীয় ৷ উল্লেখ্য যে হিমা দাসক কেৱল অনুস্কা শৰ্মাই নহয় , ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ,কিৰেণ ৰিজিজু,মমতা বেনাৰ্জী,শচীন তেণ্ডুলকাৰ,প্ৰেমা খাণ্ডু,অমিতাভ বচ্চন,অনুপম খেৰ,গৌতম গম্ভীৰ,মহম্মদ কাইফ,আডনান চামী,অজয় দেৱগন,সন্দীপ সিং,সুনীল চেট্টী,ৰাজকুমাৰ ৰাও আৰু মানুসী চিল্লাৰৰ লগতে বহুজনে হিমা দাসক এই সাফল্যৰ কাৰণে শুভেচ্চা জ্ঞাপন কৰিছে ।

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা ‘ধিং এক্সপ্ৰেছ’ হিমা দাসক টুইটাৰ যোগে অভিনন্দন জনালে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়া ভাষাতে অভিনন্দন জ্ঞাপন কৰে হিমাক। টুইটাৰযোগে হিমা দাসে নিজৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

চেক গণৰাজ্যত আন ৫ টা স্বৰ্ণপদক জয় কৰিলে অসম কন্যা হিমাই। পঞ্চমটো পদক ৪০০ মিটাৰ দৌৰত হিমাই অৰ্জন কৰিলে শ্ৰেষ্ঠত্ব। ৫২.০২ ছেকেণ্ডত দৌৰ সম্পন্ন কৰি স্বৰ্ণপদক লাভ কৰিলে হিমাই। ইয়াৰ পূৰ্বে মাত্ৰ ১৫ দিনত হিমাই লাভ কৰিছিল চাৰিটাকৈ সোণৰ পদক। চেক গণৰাজ্যত অনুষ্ঠিত টেবৰ গ্ৰাঁ প্ৰীত ২০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰিছিল হিমাই। ২৩.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি অসম কন্যাগৰাকীয়ে অর্জন কৰিছিল স্বৰ্ণপদক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com