ৰানু মণ্ডলৰ পিছত এইবাৰ উবেৰ চালকৰ কণ্ঠই কপাঁইছে ছ’চিয়েল মিডিয়া: ভিডিঅ’ চাওক

ৰানু মণ্ডলৰ পিছত এইবাৰ উবেৰ চালকৰ কণ্ঠই কপাঁইছে ছ’চিয়েল মিডিয়া: ভিডিঅ’ চাওক

ৰানু মণ্ডলৰ পিছত এইবাৰ উবেৰ চালকৰ কণ্ঠই কপাঁইছে ছ’চিয়েল মিডিয়া ৷ সচাঁকৈয়ে আমাৰ দেশত প্ৰতিভাশালী ব্যক্তিৰ যেন অভাৱ নাই ৷ আৰু ইয়াৰ কাৰণে ধন্যবাদৰ যোগ্য ছ’চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যম ৷ কাৰণ ছ’চিয়েল মিডিয়াৰ কাৰণেই সম্প্ৰতি দেশৰ চুকে কোনে থকা প্ৰতিভাশালী ব্যক্তি সকলক নিজৰ প্ৰতিভা বিকাশৰ কাৰণে সুবিধা পাইছে। আৰু সেই নিৰ্দিষ্ট জগতখনত পাৰদৰ্শিতা থকা লোকসকলৰ চকুত পৰিছে ৷

কাৰণ পশ্চিম বংগৰ ৰানা ঘাটৰ ৰানু মণ্ডল সাম্প্ৰতিক সময়ত সবাতোকৈ চৰ্চিত মহিলা ৷এইবাৰ ৰানু মণ্ডলৰ দৰেই প্ৰতিভা থকা ব্যক্তিৰ ভিডিঅ’ই ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে ৷লক্ষ্ণৌৰ এগৰাকী উবেৰ চালক বিনোদ ৷ শেহতীয়াকৈ বিনোদৰ ’আশিকী’ ছবিৰ এটি গীত "নজৰ কে সাথ" শীৰ্ষক গীতটিয়ে শ্ৰোতাসকলৰ মাজত চৰ্চা লাভ কৰিছে।

বিনোদৰ শুৱলা কণ্ঠই সম্প্ৰতি সকলোতে চৰ্চা লাভ কৰিছে ৷ লোকসকলে বিনোদৰ শুৱলা কন্ঠক যেন ভূৰি ভূৰি প্ৰশংসা কৰিছে ৷ ইফালে এক বিশেষ সূত্ৰৰ মত অনুসৰি বিনোদৰ এটি ইউ টিউব চেনেল আছে ৷য’ত বিনোদে নিজৰ গীত সমূহ আপলোড কৰে । আনহাতে প্ৰিয়ান্সু নামৰ এজন লোকে বিনোদৰ ভিডিঅ’টি আপল’ড কৰে ৷ আৰু সকলোৱে বিনোদক প্ৰশংসা কৰে ৷ উল্লেখ্য যে আজি কিছুদিন পূৰ্বে ৰানু মণ্ডল ছ’চিয়েল মিডিয়াত এক Singing Sensation হৈ পৰিছিল ৷ শেহতীয়াকৈ ৰানু মণ্ডলে হিমেশ ৰেছমিয়াৰ লগত দুটি গীতত কণ্ঠ দান কৰিছে ৷

Video Credits: Save Priyanshu (Twitter )

https://twitter.com/crowngaurav/status/1172899827979452416

বলীউডৰ গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেশমিয়াই ৰানু মণ্ডলে কন্ঠদান কৰা ভিডিঅ’টো নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে। আৰু এই সৰু ভিডিঅ’টিত ৰানু মণ্ডলে সুন্দৰ কন্ঠৰে তথা অন্তঃকৰণেৰে গীত পৰিবেশন কৰিছে ৷ আৰু ভিডিঅ’টিত হিমেশ ৰেছমীয়াক বিশেষভাৱে ৰানু মণ্ডলক উৎসাহিত কৰা দেখা গৈছে ৷

ৰানু মণ্ডলে তেৰী মেৰী কাহানী নামৰ এটি গীতত কণ্ঠ নিগৰাইছে। ইফালে ৰানু মণ্ডলে গীত পৰিবেশন কৰা ভিডিঅ’ গায়ক তথা পৰিচালক হিমেশ ৰেশমিয়াই লিখে যে যদি আপোনাৰ সপোন পুৰণ হ’ব পাৰে তেন্তে আমি সেই সপোনক বাস্তৱায়িত কৰাত সহায় কৰিম ৷ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িলে সপোন বাস্তৱায়িত হ’বই।

আনহাতে ৰানু মণ্ডলৰ এই ভিডিঅ’টি এঘন্টাত ১ লাখতকৈ অধিক লোকে প্ৰত্যক্ষ কৰিছে ৷আৰু এজন লোকে কৈছে যে এই গীতটিয়ে জনসাধাৰণৰ মাজত ধুমুহাৰ সৃষ্টি কৰিব ৷ উল্লেখ্য যে পশ্চিম বংগৰ নাডিয়া জিলাৰ ৰানু মণ্ডলক ৰানাঘাটৰ লতা নামেৰে জনা যায়। সৰুৰে পৰা গান গাই ভাল পোৱা ৰানু মণ্ডল লতা মংগেশকাৰৰ অনুৰাগী ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com