লক্ষীমপুৰ জিলাত এক বৰ্বৰ কাণ্ড : পৰিয়ালৰ লোকে হত্যা কৰিলে ৭০ বছৰীয়া বৃদ্ধক

লক্ষীমপুৰ জিলাত এক বৰ্বৰ কাণ্ড : পৰিয়ালৰ লোকে হত্যা কৰিলে ৭০ বছৰীয়া বৃদ্ধক

লক্ষীমপুৰ জিলাত সংঘটিত হোৱা এক জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোক । মানৱতা চৰম উপহাস । দিনে দিনে বাঢ়ি আহিছে বিভিন্ন ধৰনৰ মানৱতাক লজ্জাজনক কৰা ঘটনা ।পৰিয়ালৰ লোকে এজন ৭০ বছৰীয়া বৃদ্ধক হত্যা কৰা ঘটনাই উত্তেজনা পূৰ্ণ পৰিবেশৰ সৃষ্টি কৰিছে সমগ্ৰ লক্ষীমপুৰ জিলাত । এই জঘন্য ঘটনাটো সংঘটিত হয় লক্ষীমপুৰ জিলাৰ বগীনদী আৰক্ষী চকীৰ অন্তৰ্গত বধকোৰা মাজগাও অঞ্চলৰ বৰঙাবাৰী অঞ্চলত।

তথ্য অনুসৰি বৰঙাবাৰী গাওৰ নিৱাসী পৱন শইকীয়া নামৰ ৭০ বছৰীয়া এজন বৃদ্ধক নিজ পুত্ৰ দিলীপ শইকীয়া আৰু দিলীপ শইকীয়াৰ পত্নী আৰু পুত্ৰই সোমবাৰে ৰাতি হত্যা কৰে । জানিব পৰা মতে পুত্ৰ বোৱাৰী আৰু নাতিয়েকে মিলি ৭০ বছৰীয়া বৃদ্ধ পৱন শইকীয়াক হাত ভৰি ৰছীৰে বান্ধি তেওঁলোকৰ ঘৰৰ পুখুৰীত পেলাই দিয়ে ।

পৱন শইকীয়াৰ ভগ্নী ভাতৃ আৰু স্থানীয় লোক সমূহৰ ভাষ্য অনুসৰি বহু দিন আগৰপৰাই পুত্ৰ , বোৱাৰী আৰু নাতিয়েক মিলি মাৰ ধৰ কৰিছিল ৭০ বছৰীয়া বৃদ্ধ পৱন শইকীয়াক। তাৰোপৰি এই মাৰ ধৰ কাৰ্যত পুত্ৰ বোৱাৰী আৰু নাতিয়েকক সহায় কৰে পৱন শইকীয়াৰ পত্নীয়ে । গাওৰ কিছুমান মানুহে মঙ্গলবাৰে পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ্য কৰে ৭০ বছৰীয়া বৃদ্ধ পৱন শইকীয়াৰ মৃতদেহ । মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে বগানদী আৰক্ষী চকীত খবৰ কৰে ঘটনা সম্পৰ্কে ।

তাৰপিছতেই স্থানীয় লোক সকলে পৰিয়ালৰ কোনো সদস্যই যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে পৰিয়ালৰ লোক সকলক কৰায়ত্ত কৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখে । কিছু সময় পিছতেই বগীনদী আৰক্ষী‌ ঘটনা স্থলিত উপস্থিত হয় অ' চি প্ৰিয়ব্ৰত গগৈৰ তত্বাৱধানত । তাৰ পিছতেই আৰক্ষীয়ে ৭০ বছৰীয়া বৃদ্ধ পৱন শইকীয়াৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন‌ কৰে নৰ্থ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ ।

ঘটনা সন্দৰ্ভত ৭০ বছৰীয়া বৃদ্ধ পৱন শইকীয়াৰ ভাতৃ পুলিন শইকীয়াই এজাহাৰ দাখিল কৰে ।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পৱন শইকীয়াৰ পুত্ৰ দিলীপ শইকীয়া , বোৱাৰী পিংকি শইকীয়া আৰু নাতি অৰূপ শইকীয়াক ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com