ক’ৰ’না আতংক: হকাৰ সন্থাৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া, অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান

ক’ৰ’না আতংক: হকাৰ সন্থাৰ সিদ্ধান্তক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া, অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান। ক’ৰ’না ভাইৰাছৰ প্ৰকোপৰ পৰিপ্ৰেক্ষিতত সদৌ গুৱাহাটী বাতৰি-কাকত হকাৰ সন্থাই বাতৰি কাকত বিতৰণ বন্ধ কৰাৰ কেন্দ্ৰ কৰি প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে। দুষ্টচক্ৰৰ অপপ্ৰচাৰত ভোল গৈ হকাৰ সন্থাই এই সিদ্ধান্ত লোৱা বুলি ৰাজ্য বিভিন্ন সংবাদ গোষ্ঠীয়ে আখ্যা দিছে। হকাৰ সন্থাই লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যত অহা ৩১ মাৰ্চ পৰ্যন্ত কোনো ধৰণৰ বাতৰি কাকত বিতৰণ কৰা নহয় । সোমবাৰে সন্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে । সন্থাটোৱে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি সাম্প্ৰতিক সময়ত ভাৰতকে ধৰি বিশ্বৰ কমেও ১৮১খন দেশত ক’ৰ’না ভাইৰাছ বিয়পি পৰিছে।
উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে ক’ৰ’না মহাব্যাধি নিয়ন্ত্ৰণৰ উদ্দেশ্য সম্পূৰ্ণ তলাবন্ধ (ল’ক ডাউন) ঘোষণা কৰিছে অসম চৰকাৰে ৷ ল’ক ডাউন ঘোষণাৰ বাবে উত্থাপিত ব্যাপক দাবীৰ পাছত সোমবাৰে এখন সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সন্ধিয়া ছয় বজাৰ পৰা তলা বন্ধ ঘোষণা কৰে ৷ সংবাদমেলত তেওঁ কয়, “ মঙ্গলবাৰে সন্ধিয়া ছয় বজাৰ পৰা ৩১ মাৰ্চলৈ সম্পূৰ্ণ তলা বন্ধ থাকিব।
জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বন্ধ থাকিব ৷ শাক পাচলি - মাছ - মাংসৰ দোকানো বন্ধ থাকিব ।" মন্ত্ৰীজনে লগতে এই কথাও কয় যে তলা বন্ধৰ সময়ছোৱাত জনসাধাৰণৰ পথলৈ ওলাব নোৱাৰিব ।
তদুপৰি মঙলবাৰে মাজনিশাৰ পৰা দেশৰ ভিতৰত চলাচল কৰা বিমানসমূহৰ যাত্ৰাও বন্ধ হ’ব ৷ অৰ্থাৎ আজিৰ পৰা দেশৰ ভিতৰতো বিমান চলাচল বন্ধ হ’ব ৷ প্ৰাৰম্ভিক অৱস্থাত অহা ৩১মাৰ্চলৈকে এই বিমানসেৱা বন্ধ থাকিব ৷ এই কথা সদৰী কৰি দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ ভিতৰত চলাচল কৰি থকা বিমানসমূহে মঙলবাৰে নিশা ১১-৫৯বজাৰ ভিতৰত লক্ষ্যস্থানত উপস্থিত হ’ব লাগিব ৷ ইতিমধ্যে চৰকাৰে আন্তঃৰাজ্যিক বিমানৰ চলাচল বাতিল কৰিছে। লগতে ৰেল তথা আন পৰিবহনৰ ব্যৱস্থাও বন্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
অন্য খবৰৰ বাবে পঢ়ক: ইটালীত আৱদ্ধ দুই শতাধিক ভাৰতীয় ছাত্ৰঃ দেশলৈ ঘূৰাই পঠিওৱাৰ দায়িত্বত অসমৰ গৌতম বৰঠাকুৰ
ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.