Begin typing your search above and press return to search.

 ইটালীত আৱদ্ধ দুই শতাধিক ভাৰতীয় ছাত্ৰঃ দেশলৈ ঘূৰাই পঠিওৱাৰ দায়িত্বত অসমৰ গৌতম বৰঠাকুৰ

 ইটালীত আৱদ্ধ দুই শতাধিক ভাৰতীয় ছাত্ৰঃ দেশলৈ ঘূৰাই পঠিওৱাৰ দায়িত্বত অসমৰ গৌতম বৰঠাকুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2020 9:24 AM GMT

ইটালীত আৱদ্ধ দুই শতাধিক ভাৰতীয় ছাত্ৰঃ দেশলৈ ঘূৰাই পঠিওৱাৰ দায়িত্বত অসমৰ গৌতম বৰঠাকুৰ

ক’ৰ’না ভাইৰাছ মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা ইটালীত আৱদ্ধ হৈ আছে দুই শতাধিক ভাৰতীয় ছাত্ৰ। এইসকল ছাত্ৰক দেশলৈ ঘূৰাই পঠিওৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে অসমৰ গৌতম বৰঠাকুৰ নামৰ প্ৰবাসী লোকজনক। সম্প্ৰতি ৰোমত আৱদ্ধ হৈ আছে এইসকল ভাৰতীয় ছাত্ৰ। তেওঁলোকক ভাৰতলৈ ঘূৰাই পঠিওৱাৰ দায়িত্ব অৰ্পিত হোৱা অসম সন্তান বৰঠাকুৰে এয়াৰ ইণ্ডিয়াৰ ৰোমস্থিত বিমানকোঠৰ প্ৰৱন্ধকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

https://twitter.com/HardeepSPuri/status/1241777365631381507

আনহাতে, ক’ৰ’না ভাইৰাছ মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেশসমূহৰ পৰা ভাৰতীয় লোকক উদ্ধাৰত প্ৰধান ভূমিকা পালন কৰা এয়াৰ ইণ্ডিয়াক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ৰাজহুৱা খণ্ডৰ বিমান সংস্থাটোৱে বিভিন্ন দেশত আৱদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে কে’বাখনো বিমান ব্যৱহাৰ কৰে। ইপিনে, ক’ৰ’না ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আধাতে সামৰা হ’ল অসম বিধানসভাৰ বাজেট অধিবেশন‌। সম্প্ৰতি প্ৰায় সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰে অসম বিধানসভাৰ বাজেট অধিবেশন সমাপ্ত কৰাৰ ঘোষণা কৰা হয়। যোৱা ২ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ সময়সীমা আছিল ২৬ মাৰ্চ ।

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত সোমবাৰে ৰাজ্য চৰকাৰে সমগ্ৰ অসমত আগন্তুক ৫ দিনৰ বাবে লক ডাউন ঘোষণা কৰে । ইয়াৰ প্ৰাকক্ষণত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত মঙ্গলবাৰে বাজেট অধিবেশন সমাপ্ত কৰা উচিত হ'ব বুলি সিদ্ধান্ত গ্ৰহণ গৃহীত হয়। উল্লেখ্য যে যোৱা ৬ মাৰ্চত আগন্তুক বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰা হয়।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ আধাতে সামৰিলে অসম বিধানসভাৰ বাজেট অধিবেশন‌

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.

Next Story
চাকৰি