Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰীঃ অসমত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল

ক’ৰ’না মহামাৰীঃ অসমত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2020 12:19 PM GMT

এইবাৰ অসমত অনুষ্ঠিত নহয় উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। পৰীক্ষা অবিহনেই সকলো ছাত্ৰ-ছাত্ৰীক দ্বিতীয় বৰ্ষলৈ উন্নীত কৰা হব। ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতম মাধ্যমিক শিক্ষা সংসদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য য়ে পূৰ্বে শিক্ষা সংসদে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ দিন ২৫ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ ঠাৱৰ কৰিছিল। কিন্তু তাৰ পূৰ্বেই ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্য ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা কৰে। আনহাতে, ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত বন্ধ থকা ৰাজ্যৰ বিদ্যালয়সমূহত অহা ১৫মে’ৰ পাছত পুনৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ক’ৰ’না মহামাৰীৰ প্ৰাৰ্দুভাৱৰ বাবে যোৱা ১৫ মাৰ্চৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়ৰ বন্ধ ঘোষণা কৰা হয়। এই সম্পৰ্কত শিক্ষা বিভাগৰ সূত্ৰই জনোৱা মতে, যদিও অহা তিনি মে’ত চলিত দেশজোৰা তলাবন্ধৰ ম্যাদ অন্ত পৰিব, কিন্তু বিদ্যালয়সমূহ ১৫ মে’ৰ পাছতহে মুকলিৰ সম্ভাৱনা আছে। আনহাতে, প্ৰায় তিনি মাহ অসময়ত বিদ্যালয় বন্ধ দিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত এইবছৰ গ্ৰীষ্ম-বন্ধৰ পোষকতা কৰা নাই ৰাজ্যৰ শিক্ষক সমাজে। এই সম্পৰ্কত এগৰাকী শিক্ষকে কয়, “ এই বন্ধৰ ফলত অপূৰণীয় ক্ষতি হৈছে। সেয়েহে আমি এইবাৰ গ্ৰীষ্ম বন্ধ বিচৰা নাই। আমি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাতো পাঠদান কৰিবলৈ সাজু আছো”। আনহাতে, কালিৰ পৰা ৰাজ্যত চৰকাৰী কাৰ্যালয় আংশিকভাবে খোল খাইছে। ক’ৱিড-১৯ অ-প্ৰভাৱিত অঞ্চল বা স্থানত চৰকাৰী-বেচৰকাৰী কাম-কাজ তথা সেৱা মুকলিৰ ব্যৱস্থা কৰিছে.।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰীঃ মাস্ক পৰিধান নকৰা কেইবাজনকো গ্ৰেপ্তাৰ গুৱাহাটীত

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story