Begin typing your search above and press return to search.

ভাৰতীয় চলচ্চিত্ৰ জগতত নিষিদ্ধ হ’ল কণ্ঠ শিল্পী মীকা সিঙঃ কিন্তু কিয়?

ভাৰতীয় চলচ্চিত্ৰ জগতত নিষিদ্ধ হ’ল কণ্ঠ শিল্পী মীকা সিঙঃ কিন্তু কিয়?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2019 1:15 PM GMT

ভাৰতীয় চলচ্চিত্ৰ জগতত নিষিদ্ধ কৰা হ’ল জনপ্ৰিয় গায়ক মিকা সিঙক ৷পাৰভেজ মুছাৰফৰ আত্মীয়ৰ ঘৰত গীত গাই ৰোষত পৰিছে মীকা সিঙ ৷ অল ইণ্ডিয়া চিনে ৱৰ্কাছ এছ’চিয়েচনে জাৰি কৰা কঠোৰ নিষেধাজ্ঞা অনুসৰি বলীউডত প্ৰতিবন্ধকতা লগোৱা হ’ল মীকা সিঙক ৷লগতে মীকা সিঙৰ লগত সম্পৰ্ক ৰক্ষা কৰা প্ৰডাকশ্যন হাউচ,মিউজিক কম্পনী আৰু মীকা সিঙক লোৱা সকলো এছোচিয়েশ্যনৰ পৰা বহিস্কাৰ কৰে ৷

অল ইণ্ডিয়া চিনে ৱকাৰ্ছ এছোচিয়েশ্যনৰ অধ্যক্ষ সুৰেশ শ্যামলালে গুপ্তাই কয় যে ভাৰতীয় ছবি জগতৰ কোনো লোকেও যাতে মীকা সিঙৰ লগত কাম নকৰে। যদি মীকা সিঙৰ লগত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পিছত কোনোও তেওঁৰ লগত কাম কৰিলে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব ৷ যিসময়ত দুয়োখন দেশৰ মাজত পৰিস্থিতি বিঘ্নিত হৈছে সেই সময়ত মীকা সিঙে টকাক বেছি গুৰুত্ব প্ৰদান কৰিছে ৷এইয়া ভাল কথা নহয়।

আনহাতে মীকা সিঙে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ বন্ধু আৰু কৰাচীৰ আৰবপতিৰ জীয়ৰীৰ বিয়াত সংগীতানুষ্ঠান পৰিবেশন কৰিছিল ৷ এই অনুষ্ঠান হ’ল ৮ আগষ্টত ৷এই কাৰ্যসূচীৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে। আৰু ভাৰতীয় লোকসকলে বহু সমালোচনা কৰিছিল কণ্ঠ শিল্পী মীকা সিঙক ৷ টুইটাৰৰ যোগেদি লোকসকলে লিখিছিল যে এইটো দিনো আহিল পাজী, আপুনিও প্ৰতাৰনা কৰিলে ৷

ইফালে মীকা সিঙে পাকিস্তানত সংগীতানুষ্ঠান পৰিবেশন কৰাৰ ক্ষেত্ৰত পাকিস্তানৰ পীপুল্স পাৰ্টিৰ নেতা চৈয়দ খুশীদ শ্বাহে কয় যে মীকাই ভিজা কেনেকৈ পালে সেই সন্দৰ্ভত চৰকাৰে তদন্ত কৰিব লাগে ৷ লগতে পাকিস্তানৰ বহু ব্যক্তিয়ে মীকা সিঙৰ এই সংগীতানুষ্ঠানৰ সন্দৰ্ভত বিৰোধিতা প্ৰদৰ্শন কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা পোৱাৰ পিছত কবিতা লিখি মনৰ কথা ভাব ব্যক্ত কৰিলে আয়ুস্মান খুৰানাই

ভিডিঅ প্ৰতক্ষ্য কৰক:Wild elephants create havoc in the wee hours at Kathalguri, Bordumsa

Next Story
চাকৰি