Begin typing your search above and press return to search.

৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা পোৱাৰ পিছত কবিতা লিখি মনৰ কথা ভাব ব্যক্ত কৰিলে আয়ুস্মান খুৰানাই

৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা পোৱাৰ পিছত কবিতা লিখি মনৰ কথা ভাব ব্যক্ত কৰিলে আয়ুস্মান খুৰানাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Aug 2019 11:45 AM GMT

বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই অন্ধাধুনত নিজৰ সাৱলীল অভিনয়ৰ কাৰণে ৬৬ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছে ৷ এই পুৰস্কাৰ আয়ুস্মানে বলীউডৰ আন এজন অভিনেতা ৱিক্কী কৌশলৰ লগতে যৌথ ভাৱে গ্ৰহণ কৰিছে ৷ বিক্কী কৌশলে উৰি দ্য চাৰ্জিকেল ষ্টাইক ছবিৰ কাৰণে শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰিছে ৷

https://www.instagram.com/p/B0-cILpAmjn/

ইফালে ৬৬ সংখ্যক ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ পিছত আয়ুস্মান খুৰানাৰ আনন্দৰ যেন কোনো সীমা নাইকিয়া হৈছে ৷নিজৰ ইনষ্টাগ্ৰাম একাউন্টত আয়ুস্মানে এটি কবিতাৰ জৰিয়তে মনৰ ভাব প্ৰকাশ কৰিছে ৷ কবিতাটিত আয়ুস্মানে প্ৰথমবাৰ মুম্বাইলৈ যাত্ৰা কৰাৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়লৈকে সমস্ত জীৱনৰ অভিজ্ঞতাৰ বিৱৰণ দিছে ৷

কেনেকৈ ট্ৰেইনত উঠি মুম্বাইলৈ যাত্ৰা কৰিছিল,পিতৃৰ সেমেকা চকু,শংকা,জীৱন যাত্ৰাত লগ পোৱা তথা এৰি অহা বন্ধু,বিভিন্ন প্ৰত্যাহ্বানক নেওচি আগবাঢ়ি যোৱা,সফলতাৰ শিখৰত আগবাঢ়ি যাওঁতে পিছলি পৰা,কিন্তু প্ৰত্যাহ্বানক হেয় প্ৰতিপন্ন কৰি আগবাঢ়ি গৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা লৈকে এই সকলো ঘটনা এটি কবিতাৰ জৰিয়তে সাৱলীল ভাৱে উপস্থাপন কৰিছে ৷

আয়ুস্মান অন্য বিগত বৰ্ষত অহা আন এখন ছবি বাধাই হো য়েও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷বধাই হোয়ে সৰ্বশ্ৰেষ্ঠ এন্টাৰটেইনমেন্ট ছবিৰ খিতাপ লাভ কৰে । লগতে ছবি খনৰ এগৰাকী অভিনেত্ৰী সুৰেখা শ্ৰীকৰীক শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ পুৰস্কাৰ লাভ কৰে ৷ গতিকে অন্ধাধুন আৰু বধাই হো ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ সন্দৰ্ভত আয়ুস্মানে কয় যে মই অত্যন্ত সুখী ৷

আনহাতে অসমীয়া শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে বুলবুল কেন সিঙে । শ্ৰেষ্ঠ ন’ন ফিচাৰ ছবি বিভা বাক্সীৰ Son Rise আৰু অজয় আৰু বিজয় বেদীৰ ” The Secret Life of Frogs” । শ্ৰেষ্ঠ শৈক্ষিক ছবি Sarala virala” ।

শ্ৰেষ্ঠ পৰিচালক – Uri: The Surgical Strike ৰ পৰিচালক আদিত্য ধাৰলৈ ।

শ্ৰেষ্ঠ ফিছাৰ্চ ছবি: অভিষেক শ্বাহৰ Hellaro ।

শ্ৰেষ্ঠ অভিনেতা- Andhadhun ৰ অভিনেতা আয়োচমান খুৰানালৈ আৰু Uri: The Surgical Strike ৰ অভিনেতা বিকি কৌশাল ।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে কৃৰ্থি সুৰেশ । Mahanati ত কৰা অভিনয়ৰ বাবে এই সন্মান লাভ কৰে ।

শ্ৰেষ্ঠ সহকাৰী অভিনেতা – Chumbhak ৰ স্বানান্দ কিৰকিৰীলৈ ।

শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰী – Badhaai ho ত কৰা অভিনয়ৰ বাবে সুৰেশ চিক্ৰীলৈ ।

শ্ৰেষ্ঠ একচনধৰ্মী ছবি :KGF chapter 1 ।

শ্ৰেষ্ঠ কৰিয়গ্ৰাফী: পদ্মাবত ।

শ্ৰেষ্ঠ চিনেমাটগ্ৰাফী- মালায়ালম ছবি উলোৰ এম জি ৰামকৃষ্ণনলৈ ।

শ্ৰেষ্ঠ জনপ্ৰিয় ছবি: Badhaai ho ।

অন্য খবৰৰ বাবে পঢ়ক:ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা : শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান “বুলবুল কেন সিং” লৈ: উৰি, আন্ধাধুনলৈ সন্মান

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Next Story
চাকৰি