Begin typing your search above and press return to search.

কেটী পেৰীৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিলে ঐশ্বৰ্য ৰায়ে, ছ'চিয়েল মিডিয়াত হ'ল ট্ৰ'ল

কেটী পেৰীৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিলে ঐশ্বৰ্য ৰায়ে, ছচিয়েল মিডিয়াত হল ট্ৰল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2019 11:38 AM GMT

কেটী পেৰীৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিলে ঐশ্বৰ্য ৰায়ে, ছ'চিয়েল মিডিয়াত হ'ল ট্ৰ'ল।‌ বলিউড আৰু হলিউডৰ অভিনেতা আৰু অভিনেত্ৰী সকল প্ৰায়ে চৰ্চাত থাকে । এনেকুৱা বহু অভিনেতা অভিনেত্ৰী আছে যিয়ে হলিউড ছবি জগতত কাম কৰিব বিচাৰে বা হলিউডৰ অভিনেতা অভিনেত্ৰী সকলক আদৰ্শ বুলি ভাৱে । কিছুদিন আগেয়ে আন্তঃৰাষ্ট্ৰীয় অৰ্থাৎ আমেৰিকান পপ তাৰকা কেটি পেৰি ভাৰতলৈ আহিছিল। তেতিয়াই বলিউডৰ তাৰকা সকলৰ মাজত তেওঁৰ জনপ্ৰিয়তাৰ উমান পোৱা গৈছিল । মালায়িকা অৰ'ৰাৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য ৰায়লৈ সকলোৱে কেটি পেৰিৰ লগত ফটো উঠা দেখা যায়।

ছবি নিৰ্মাতা কৰণ জোহৰে কেটি পেৰীৰ বাবে তেওঁৰ ঘৰত এক পাৰ্টীৰ আয়োজন কৰিছিল । য'ত বলিউডৰ বহু কেইজন তাৰকা উপস্থিত আছিল সকলোৱে কেটি পেৰিছৰ লগত ছেলফি লোৱা দেখা গৈছিল । তাৰ ভিতৰত বলিউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনো আছিল ।

কেটি পেৰীৰ লগত উঠা ফটো ঐশ্বৰ্য ৰায়ে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে । কিন্তু ছ'চিয়েল মিডিয়াত এই ফটো খন ট্ৰ'ল দিয়ে একাংশ লোকে । কিন্তু ঐশ্বৰ্য ৰায় আৰু কেটি পেৰিক সৌন্দৰ্য্যৰ বাবে নহয় মোবাইলৰ কেমেৰাৰ বাবেহে ট্ৰ'ল কৰে ।

https://www.instagram.com/p/B44LqVPprCX/?utm_source=ig_web_copy_link

দৰাচলতে ফটোখনৰ কেমেৰাৰ গুনমান সিমান এটা ভাল নাছিল । ফটো খন অলপ ধোৱা ধোৱা দেখা হৈছিল। এই ফটো খনত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে যে , " কিন্তু কিয়?আমি ২০১৯ ত বাস কৰি আছো । ইয়াত আমি হাই কোৱালিটি ফটোৰ কল্পনা কৰো । ইয়াতকৈ নোকিয়া ৬৬৩০ ৰ দ্বাৰা বেছি ভাল ফটো ল'ব পৰা যাব "।

আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ঐশ্বৰ্য ৰায় বচ্চনক ভাল কেমেৰা ব্যৱহাৰ কৰাৰ উপদেশ দিয়ে। তদুপৰি আন বহুতে ঐশ্বৰ্য ৰায় বচ্চনৰ মোবাইলৰ কেমেৰাৰ ওপৰত প্ৰশ্ন কৰিছে ।

উল্লেখযোগ্য যে ইয়াৰ আগতে হলিউডৰ অভিনেত্ৰী জেনিফৰ এনিস্তনো মোবাইল কেমেৰাৰ বাবে ট্ৰ'ল হ'ব লগীয়া হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক: কৌন বনেগা কড়োৰপতিত এজন ৰাজনীতিবিদে দিব নোৱাৰিলে নিজৰ ক্ষেত্ৰ সম্বন্ধীয় উত্তৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Wild Jumbo injured two Women in Digboi

Next Story