Begin typing your search above and press return to search.

কৌন বনেগা কড়োৰপতিত এজন ৰাজনীতিবিদে দিব নোৱাৰিলে নিজৰ ক্ষেত্ৰ সম্বন্ধীয় উত্তৰ

কৌন বনেগা কড়োৰপতিত এজন ৰাজনীতিবিদে দিব নোৱাৰিলে নিজৰ ক্ষেত্ৰ সম্বন্ধীয় উত্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2019 12:17 PM GMT

কৌন বনেগা কড়োৰপতিত এজন ৰাজনীতিবিদে দিব নোৱাৰিলে নিজৰ ক্ষেত্ৰ সম্বন্ধীয় উত্তৰ । ছ'নি টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব'কৌন বনেগা কড়োৰপতি। মেগাষ্টাৰ অমিতাভ বচ্চনৰ এই শ্ব'টোত বিভিন্ন ধৰণৰ ঘটনাও দেখা যায়। কিছুদিন পূৰ্বে কৌন বনেগা কড়োৰপতিত অসমৰ স্বৰ্ণকণ্যা হিমা দাসকো দেখিবলৈ পোৱা গৈছিল । তদুপৰি এই শ্ব'টোত বিভিন্ন অভিনেতা অভিনেত্ৰী , খেলুৱৈ সকলোকো দেখিবলৈ পোৱা যায়।

১৩ নৱেম্বৰ বুধবাৰে কৌন বনেগা কড়োৰপতিৰ এটি খণ্ডত লক্ষনৌৰ ৰাজনীতিবিদ সৰবজিৎ সিং মক্কাৰে অংশগ্ৰহণ কৰে। তেওঁ বহুত ভাল খেলি আছিল যদিও ভূল উত্তৰৰ বাবে তেওঁ অতি কম সময়তে খেলৰ পৰা বাহিৰ হ'ব লগীয়া হয়। যেতিয়া সৰৱজিতক ৰাজনীতিৰ লগত জড়িত প্ৰশ্ন কৰা হয় সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে সৰৱজিতে । বিগ বি অমিতাভ বচ্চনে শুনিছিল যে " কোন‌ জন মুখ্যমন্ত্ৰীয়ে দেহৰাদুনৰ ডুন বিদ্যালয়ত অধ্যয়ন কৰিছিল ?" প্ৰশ্নটোৰ উত্তৰ সমূহৰ ভিতৰত আছিল কমল নাথ , নৱীন পাটনায়ক , জগন মোহন ৰেড্ডী আৰু অমৰিন্দৰ সিং।

সৰবজিতে এই প্ৰশ্নটোৰ উত্তৰৰ বিষয়ে জ্ঞাত নাছিল । তাৰ বাবে সৰবজিতে ৫০-৫০ লাইফলাইন ব্যৱহাৰ কৰিছিল। লগতে ৫০-৫০ লাইফ লাইনৰ বাবে নাম বাছনি কৰিছিল জগমোহন ৰেড্ডী আৰু অমৰিন্দৰ সিঙৰ । তথাপিও সৰবজিতে সঠিক উত্তৰ ধৰিব পৰা নাছিল । যাৰ ফলত সৰবজিতে দৰ্শকৰ লাইফ লাইন ব্যৱহাৰ কৰে । কিন্তু দৰ্শকেও প্ৰশ্নটোৰ মূল উত্তৰ দিয়ে । সাধাৰণতে দৰ্শকৰ লাইফ লাইন ব্যৱহাৰ কৰিলে উত্তৰ ভূল নহয় ।

তাৰ পিছতেই সৰবজিত খেলৰ পৰা বাহিৰ হয় । সৰবজিতে মাত্ৰ ১০,০০০ টকা লাভ কৰে । বিগ বিয়ে তেওঁৰ দুৰ্ভাগ্য বুলি কয় ।সৰবজিত ভাৰতীয় নৌ সেনাত আছিল আৰু ২০০৬ চনত তেওঁ ৰাজনীতিত যোগদান কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক: ৰনবীৰ সিং আৰু দীপিকা পাডুকোনৰ প্ৰথম বিবাহ বাৰ্ষিকীত উপস্থিত হ’ল তিৰুপতিত

ভিডিঅ প্ৰতক্ষ্য কৰক: India’s First PM Jawaharlal Nehru’s 130th Birth Anniversary observed

Next Story
চাকৰি