Begin typing your search above and press return to search.

ৰনবীৰ সিং আৰু দীপিকা পাডুকোনৰ প্ৰথম বিবাহ বাৰ্ষিকীত উপস্থিত হ'ল তিৰুপতিত

ৰনবীৰ সিং আৰু দীপিকা পাডুকোনৰ প্ৰথম বিবাহ বাৰ্ষিকীত উপস্থিত হল তিৰুপতিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2019 10:49 AM GMT

ৰনবীৰ সিং আৰু দীপিকা পাডুকোনৰ প্ৰথম বিবাহ বাৰ্ষিকীত উপস্থিত হ'ল তিৰুপতিত। দীপিকা পাডুকোন আৰু ৰনবীৰ সিঙ সকলোৰে প্ৰিয় । প্ৰায়ে তেওঁলোকৰ ছবি সমূহে সকলোৰে মাজত খলকনিৰ সৃষ্টি কৰে ।‌ দীপিকা পাডুকোন আৰু ৰনবীৰ সিঙৰ ১৪ নৱেম্বৰ তাৰিখ প্ৰথম বিবাহ বাৰ্ষিকী। দীপিকা আৰু ৰনবীৰ সিঙে‌ আজি তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকী পালন কৰিছে । তেওঁলোকৰ এই বিশেষ দিনটো পালন কৰাৰ অৰ্থে তেওঁলোক উপস্থিত হয় অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি স্থিত ভেংকেটশ্বৰ মন্দিৰত । মন্দিৰ দৰ্শন কৰিবলৈ তেওঁলোকৰ লগত দুয়োৰে পৰিয়াল বৰ্গ ও উপস্থিত থাকে ।

https://www.instagram.com/p/B41Y-l_nXit/

দীপিকা আৰু ৰনবীৰ সিঙে‌ তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকীত মন্দিৰ ভ্ৰমন কৰাৰ ফটো ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে । ফটো খনত দীপিকাই ৰঙা শাৰী পৰিধান কৰা দেখা গৈছে । ৰঙা শাৰীৰ লগতে দীপাকাক বিভিন্ন আ অলংকাৰ শিৰত সেন্দুৰ লোৱা দেখা গৈছে। আনহাতে ৰনবীৰ সিঙক কুৰ্টা পায়জমা পৰিধান কৰা দেখা গৈছে ।দীপিকা আৰু ৰণবীৰক মন্দিৰটোত দেখি অগণন গুণমুগ্ধই ভিৰ কৰে। দুয়োকে কিছু দূৰৰ পৰা মন্দিৰটোলৈ আগবঢ়াইয়ো আনে অনুৰাগীয়ে।তিৰুপতি ভ্ৰমন কৰা আৰু বহু ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত।

ৰনবীৰ সিঙ‌‌‌ আৰু দীপিকা পাডুকোনৰ সাত বছৰ প্ৰেমৰ সম্পৰ্কৰ পিছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। দীপিকাই মন্দিৰ ভ্ৰমন কৰা ফটো সমূহ নিজৰ ইন্চটাগ্ৰামৰ জৰিয়তে প্ৰচাৰ কৰিছে । জানিব পৰা মতে ১৫ নৱেম্বৰ তাৰিখে তেওঁলোকে স্বৰ্ণ মন্দিৰ ভ্ৰমন কৰিব ।

দীপিকা পাডুকোন আৰু ৰনবীৰ সিঙে‌ ৰামলীলা , বাজিৰাও মস্তানি , পদ্মাৱত আদি ছবি সমূহত একেলগে অভিনয় কৰা দেখা যায় ।দীপিকা আৰু ৰনবীৰ সিঙক আকৌ এবাৰ একেলগে দেখা যাব এখন ছবিত । ১৯৮৩ বিশ্ব কাপ জয়ৰ ওপৰত আধাৰিত এই ছবি খনৰ নিৰ্দেশনা কৰিছে কবিৰ খানে । আহি থকা এই নতুন ছবি খনত দীপিকা আৰু ৰনবীৰ সিঙক স্বামী স্ত্ৰীৰ ৰূপত দেখা যাব । ৰনবীৰ সিঙে কপিল দেৱ আৰু দীপিকাই ৰোমী ভটিয়াৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে।

অন্য খবৰৰ বাবে পঢ়ক: অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ মাজত হ’ল কাজিয়া, আৰক্ষীয়ে কৰিলে সমাধান

ভিডিঅ প্ৰতক্ষ্য কৰক: India’s First PM Jawaharlal Nehru’s 130th Birth Anniversary observed

Next Story
চাকৰি