Begin typing your search above and press return to search.

অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ মাজত হ'ল কাজিয়া, আৰক্ষীয়ে কৰিলে সমাধান

অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ মাজত হল কাজিয়া, আৰক্ষীয়ে কৰিলে সমাধান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2019 10:43 AM GMT

অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ মাজত হ'ল কাজিয়া, আৰক্ষীয়ে কৰিলে সমাধান । বলিউডৰ অভিনেতা অক্ষয় কুমাৰক অতি সোনকালেই দেখিবলৈ পোৱা যাব "সূৰ্যবংশী" নামৰ ছবি খনত । এই ছবি খনৰ নিৰ্দেশনা কৰিছে ৰোহিত চেট্টীয়ে । কিন্তু ৰোহিত চেট্টী আৰু অক্ষয় কুমাৰৰ কাজিয়াৰ এটি ভিডিঅ' ভাইৰেল হয় ছ'চিয়েল মিডিয়াত।‌ এই ভিডিঅ'টোত অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীক কাজিয়াৰ লিপ্ত হোৱা দেখা যায় আৰু দুয়োজনে উপৰ্যুপৰি মাৰ ধৰ কৰে । তেওঁলোকৰ কাজিয়া ইমানেই বৃদ্ধি পায় যে অৱশেষত কাজিয়া সমাধান কৰিবলৈ আৰক্ষী আহিব লগীয়া হয়। অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ এই ভিডিঅ'টোৱে এতিয়া ছ'চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। এই ভিডিঅ'টোৱে ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়া লাভ কৰিছে ।

https://www.instagram.com/p/B4wb_UbHYEK/

সম্ভৱত: এই ভিডিঅ'টো অক্ষয় কুমাৰৰ সূৰ্যবংশী নামৰ ছবি খনৰ । তেওঁলোকৰ কাজিয়াৰ ভিডিঅ' অভিনেত্ৰী কেট্ৰিনা কাইফে শ্বুত কৰিছে । এই ভিডিঅ'টো অভিনেতা অক্ষয় কুমাৰে নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে।‌ লগতে লিখিছে যে, ' এক ব্ৰেকিং নিউজ! যিয়ে আপোনাৰ দিন সুকীয়া কৰি তুলিব "।ভাইৰেল হোৱা হাস্যকৰ ভিডিঅ'টো অতি কম সময়তে প্ৰায় টুইটাৰত ১৮ হাজাৰ লাইক পোৱা দেখা যায়।

দৰাচলতে এক ৱেবছাইটত খবৰ প্ৰকাশ পাইছিল যে ৰোহিত চেট্টী আৰু অক্ষয় কুমাৰৰ মাজত কাজিয়া হৈছে আৰু তেওঁলোকৰ মাজত মাত বোল নাই। এই খবৰটোৰে এক ব্যতিক্ৰমী ৰূপত উত্তৰ দিয়ে অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীয়ে ।

অক্ষয় কুমাৰৰ "সূৰ্যবংশী "নতুন এক্সন ছবি । এই ছবি খনৰ প্ৰযোজক কৰণ জোহৰ আৰু ৰোহিত চেট্টী । এই ছবি খন ২০২০ চনৰ ২১ মাৰ্চ তাৰিখে মুক্তি লাভ কৰিব। ছবিখনত অক্ষয় কুমাৰ আৰু কেট্ৰিনা কাইফে মূল চৰিত্ৰত অভিনয় কৰিব । ছবিখনত অক্ষয় কুমাৰে আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰিব।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজকুমাৰ ৰাওৱে বাদছাহ শ্বাহৰুখ খানৰ লগত বনোৱা ভিডিঅ’ কৰিলে শ্বেয়াৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: City Livelihood Centre inaugurated by Parimal Suklabaidya in Hailakandi

Next Story
চাকৰি