Begin typing your search above and press return to search.

ৰাজকুমাৰ ৰাওৱে বাদছাহ শ্বাহৰুখ খানৰ লগত বনোৱা ভিডিঅ' কৰিলে শ্বেয়াৰ

ৰাজকুমাৰ ৰাওৱে বাদছাহ শ্বাহৰুখ খানৰ লগত বনোৱা ভিডিঅ কৰিলে শ্বেয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2019 12:27 PM GMT

ৰাজকুমাৰ ৰাওৱে বাদছাহ শ্বাহৰুখ খানৰ লগত বনোৱা ভিডিঅ'কৰিলে শ্বেয়াৰ । চলচ্চিত্ৰ জগতৰ পৰিচিত নাম ৰাজকুমাৰ ৰাও আৰু শ্বাহৰুখ খান। ৰাজকুমাৰ ৰাও আৰু শ্বাহৰুখ খান সকলোৰে প্ৰিয়। ৰাজকুমাৰ ৰাও আৰু শ্বাহৰুখ খানৰ এক ভিডিঅ'চোছিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হৈছে। এই ভিডিঅ'টো ৰাজকুমাৰ ৰাওৱে নিজৰ ইন্চটাগ্ৰামৰ যোগেদি শ্বেয়াৰ কৰিছে । ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে ৰাজকুমাৰ ৰাওৱে লিখে যে সৰুৰ পৰাই শ্বাহৰুখ খানৰ ছবিৰ সংলাপ কৈ আহিছো । কিন্তু শ্বাহৰুখ খানে যেতিয়া মোৰ সংলাপ কয় তাৰ অনুভৱ অত্যন্ত ভাললগা । ৰাজকুমাৰ ৰাওয়ে শ্বেয়াৰ কৰা ভিডিঅ'টোত বাদছাহ শ্বাহৰুখ খানে ৰাজকুমাৰ ৰাওৰ অভিনিত ছবি "স্ত্ৰী " ৰ সংলাপ কোৱা দেখা যায়।

https://www.instagram.com/p/B4q_ybJJ1tc/

অভিনেতা ৰাজকুমাৰ ৰাও অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ মাজতে নিজৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । স্ত্ৰী , ছাদী যে জৰুৰ আনা আদি বিভিন্ন ধৰণৰ ছবিৰ দ্বাৰা ৰাজকুমাৰ ৰাওয়ে চলচ্চিত্ৰ জগতত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ।

ৰাজকুমাৰ ৰাওয়ে শ্বেয়াৰ কৰা ভিডিঅ'টোত ৰাজকুমাৰ ৰাও আৰু শ্বাহৰুখ খানক একেলগে দেখিবলৈ পোৱা গৈছে। ভিডিঅ'টোৰ তলত লিখিছে যে " সৰুতে শ্বাহৰুখ খানৰ সংলাপ কৈছিলো আৰু এতিয়া শ্বাহৰুখ খানে মোৰ চলচ্চিত্ৰৰ সংলাপ কোৱা অনুভৱ সচাই সুকীয়া" । এই ভিডিঅ'টো সকলোৱে যথেষ্ট খিনি ভাল পাইছে ।

অন্য খবৰৰ বাবে পঢ়ক:ছলমান খানৰ প্ৰশংসাত পঞ্চমুখ বলীউডৰ এইগৰাকী অভিনেত্ৰী

ভিডিঅ প্ৰতক্ষ্য কৰক:Digboi Forest Land allegedly occupied by unidentified people, AJYCP demands action

Next Story
চাকৰি