দুটা সন্তানৰ নীতিৰ ওপৰত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ মন্তব্য

দুটা সন্তানৰ নীতিৰ ওপৰত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ মন্তব্য

দুটা সন্তানৰ নীতিৰ ওপৰত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ মন্তব্য।অসম চৰকাৰৰ কেবিনেট সমিতিয়ে গ্ৰহণ কৰা দুটা সন্তানৰ নীতি সম্পৰ্কত বদৰুদ্দিন আজমলে কৰা বিৰূপ মন্তব্যৰ পাছত বিতৰ্কৰ সূত্ৰপাত হৈছে । এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে অসম চৰকাৰে প্ৰনয়ণ কৰিবলৈ লোৱা দুটা সন্তানৰ নীতিক তীব্ৰ বিৰোধিতা কৰা আৰু ধাৰ্মিক ৰং দি কৰা মন্তব্যই বিতৰ্ক সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্য খনতে।

ৰাজ্য কেবিনেটে কিছু দিন‌ পূৰ্বে দুটা সন্তানৰ নীতি প্ৰনয়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বলবৎ হব লগীয়া এই নীতি অনুসৰি দুটা সন্তানতকৈ অধিক সন্তান থকা লোকে কোনো ধৰনৰ চৰকাৰী চাকৰিৰ যোগ্য বিবেচিত নহব। এই আইন কাৰ্যকৰী হব ২০২১ চনৰ ১ জানুৱাৰী পৰা । ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ উদ্দেশ্যে এই নীতি গ্ৰহন কৰিছিল ।

কেবিনেটৰ এই সিদ্ধান্তক বিৰোধিতা কৰি বদৰুদ্দিন আজমলে কয় যে , মুছলিম লোকৰ পূৰ্বৰ দৰেই সন্তান জন্ম দিয়া অব্যাহত থাকিব , কাৰো কথাত গুৰুত্ব নিদিয়ে । চৰকাৰে এখন আইন আনিছে যাৰ‌ দ্বাৰা মুছলমান সকলক চাকৰিৰ পৰা বঞ্চিত কৰিব । উল্লেখ্য যে কাছাৰ কমিটিয়ে দিয়া ৰিপোৰ্ট অনুসৰি ২% মুছলিম লোকে চৰকাৰী চাকৰি লাভ কৰে।

আজমলৰ‌ এই প্ৰতিক্ৰিয়াশীল মন্তব্যত প্ৰসিদ্ধ চিকিৎসক পদ্মশ্ৰী ডা: ইলিয়াছ আলিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডাঃ ইলিয়াদ আলিয়ে কয় যে সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্য উদ্দেশ্যে প্ৰনোদিত ।‌পৰিয়াল সীমিত কৰনত ইছলাম ধৰ্মত কোনো‌ বাধা নাই।

আলিয়ে আৰু কয় যে আজমলৰ মন্তব্য অতি পৰস্পৰ বিৰোধী । এজন সাংসদ হিচাপে তেওঁ গুৰুত্বপূৰ্ণ সম‌স্যাৰ ওপৰত মন্তব্য আগবঢ়াব লাগে ।

আনহাতে অধ্যাপক তছনিম আহমেদে কয় যে , আজমলৰ এই মন্তব্য ই তেওঁৰ অতি নিম্ন জ্ঞান আৰু নিকৃষ্ট মানসিকতাৰ পৰিচ‌য় দাঙি ধৰিছে । মুছলমান সকলে চৰকাৰী চাকৰি লাভ নকৰাৰ ক্ষেত্ৰত কিছুমান অন্য কাৰক আছে । অধিক সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত চৰকাৰী চাকৰি লাভ কৰাৰ কোনো সম্পৰ্ক নাই বুলি কয় অধ্যাপক তছনিম আহমেদে ।

আনহাতে আজমৰ দুটা সন্তানৰ নীতিক তীব্ৰ সমালোচনা কৰিলে বিজেপি নেতা চৈয়দ মমিনুল আৱালেও ।

বিজেপি নেতা গৰাকীয়ে কয় যে ৰাজনৈতিক ব্যৱসায় প্ৰসাৰৰ বাবে বদৰুদ্দিন আজমলে দুটা সন্তানৰ নীতিৰ ওপৰত বিতৰ্কিত মূলক মন্তব্য আগবঢ়াইছে । লগতে নেতা গৰাকীয়ে কয় যে পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰানত অধিক সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত কোনো কথা উল্লেখ নাই । বদৰুদ্দিন আজমলে পূৱ পাকিস্তান ( এতিয়াৰ বাংলাদেশ ) ৰ পৰা অহা মুছলমান সকলৰ ভোট খিনি তেওঁৰ ৰাজনীতিত ভোট বেংক হিচাপে ব্যৱহাৰ কৰে ।‌লগতে এতিয়া দুটা সন্তানৰ নীতিৰ ওপৰত বিতৰ্কিত মন্তব্য আগবঢ়াই মুছলমান সকলক অধিক সন্তান জন্ম দিবলৈ প্ৰউৎসাহিত কৰি ভোট বেংক বঢ়াবলৈ চেষ্টা কৰি আছে বুলি কয় বিজেপি নেতা চৈয়দ মমিনুল আৱালে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : River Dhansiri is flowing above the danger mark

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com