Begin typing your search above and press return to search.

নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 March 2020 12:36 PM GMT

নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ সন্দৰ্ভত অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ । ধেমাজী অৰুণাচল সীমান্তৰ গেৰেকামুখৰ এনএইচপিচিয়ে লৱাৰ সোৱনশিৰী হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টক বন্ধ কৰিবৰ কাৰণে তীব্ৰ দাবী উত্থাপন কৰি আহিছে। লগতে লক্ষীম পুৰ জিলাৰ অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদে এনএইচপিচিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ প্ৰতিকৃতি দাহ কৰে ।

অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ খেলমাটিত অব্যাহত ৰখা ১০০ ঘন্টীয়া এনএইচপিচিৰ নিৰ্মাণ সামগ্ৰী অৱৰোধ কাৰ্যসূচীৰ সামৰণিত পথ অৱৰোধ আৰু প্ৰতিকৃতি দাহ কৰে। লগতে সংগঠনৰ নেতাসকলে এনএইচপিচিক এলএচএইচইএলৰ নিৰ্মাণ কাৰ্যত আগ নাবাঢ়িবলৈ সকিয়াই দিয়ে।

এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সৌৰভ দাসে কয় যে অসমৰ প্ৰবল জনমতক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বাবে কেন্দ্ৰীয় চৰকাৰে পোষকতা কৰাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ দিয়ে। উল্লেখ্য যে সংগঠনটোৱে জিলাখনৰ দল সংগঠনৰ সহযোগিতা সেউজ ন্যায়াধিকৰণৰ ৰায়ৰ পিছতেই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ যোৱা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ ১০০ ঘন্টীয়া কাৰ্যসূচীৰে এনএইচপিচিৰ নিৰ্মাণ সামগ্ৰী অৱৰোধ কৰিছিল ৷

ইফালে নামনি সোৱণ শিৰি ২০০০ মেগাৱট জলবিদ্যুৎ উৎপাদন প্ৰকল্পটোৰ নিৰ্মাণৰ প্ৰসংগত সেউজ ন্যায়াধিকৰণে এন এইচ পি চি কৰ্তৃপক্ষক সেউজ সংকেত দিয়াৰ পিছত এন এইচ পি চি কৰ্তৃপক্ষই চেপ্তম্বৰ মাহৰ পৰা কাম তীব্ৰগতিত চলাবৰ বাবে তৎপৰতাৰ কাৰণে জিলাখনৰ বিভিন্ন সন্থা সংগঠনে তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে ।

যাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ১০০ ঘন্টীয়া এন এইচ পি চিৰ নিৰ্মাণ সামগ্ৰী অৱৰোধ অব্যাহত ৰাখিছে লখিমপুৰৰ মাজমজিয়াত ৷সংগঠনে শনিবাৰে বিয়লি পাঁচ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখীমপুৰৰ অধ্যক্ষ মনদীপ নেওগ আৰু সাধাৰণ সম্পাদক জ্যোতি দাসৰ নেতৃত্বত কাৰ্যসূচী সমাপ্ত কৰি লখীমপুৰৰ খেলমাটীত প্ৰতিবাদ কৰে ৷

সংগঠনে ১০০ ৰো অধিক কাৰ্যকৰ্তা এলএচএইচইপিৰ নিৰ্মাৰ্ণ সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহৰ ওপৰত ২৪ ঘন্টাই তীক্ষ্ণ দৃষ্টি ৰাখে। আনহাতে যিদিনা এইএইচপিচি আৰু এলএচএইচইপিৰ বিৰুদ্ধে কাৰ্যসূচী আৰম্ভ কৰিছিল তেতিয়া এনএইচপিচিৰ মুখ্য প্ৰৱন্ধ নিৰ্দেশক বলৰাজ জোশীয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ সন্মুখত কয় যে ২০১১ চনৰ ডিচেম্বৰ মাহত নদী বান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছিল ৷কিন্তু যেতিয়াই সোৱনশিৰীৰ জলস্তৰ হ্ৰাস পালে নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰিলে ৷অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সহায়ক সচিব সৌৰভ দাসে কয় যে সংগঠনে কোনো কাৰণতে এনএইচপিচিৰ নদী বান্ধ নিৰ্মাণ কৰিবলৈ অনুমতি নিদিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক:অসম চৰকাৰক সময় সীমা নিৰ্ধাৰণ কৰি দিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই

ভিডিঅ প্ৰতক্ষ্য কৰক:73rd Independence Day: Commerce College Students takes out Rally in Guwahati

Next Story
চাকৰি