ৰাজ্যিক বাতৰি

লখীমপুৰত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লখীমপুৰত

নামনি সোৱণশিৰি জলবিদ্যু প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰত ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ইফালে নামনি সোৱণ শিৰি ২০০০ মেগাৱট জলবিদ্যুৎ উৎপাদন প্ৰকল্পটোৰ নিৰ্মাণৰ প্ৰসংগত সেউজ ন্যায়াধিকৰণে এন এইচ পি চি কৰ্তৃপক্ষক সেউজ সংকেত দিয়াৰ পিছত এন এইচ পি চি কৰ্তৃপক্ষই চেপ্তম্বৰ মাহৰ পৰা কাম তীব্ৰগতিত চলাবৰ বাবে তৎপৰতাৰ কাৰণে জিলাখনৰ বিভিন্ন সন্থা সংগঠনে তীব্ৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে ।

যাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ১০০ ঘন্টীয়া এন এইচ পি চিৰ নিৰ্মাণ সামগ্ৰী অৱৰোধ অব্যাহত ৰাখিছে লখিমপুৰৰ মাজমজিয়াত ৷সংগঠনে শনিবাৰে বিয়লি পাঁচ বজাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখীমপুৰৰ অধ্যক্ষ মনদীপ নেওগ আৰু সাধাৰণ সম্পাদক জ্যোতি দাসৰ নেতৃত্বত কাৰ্যসূচী সমাপ্ত কৰি লখীমপুৰৰ খেলমাটীত প্ৰতিবাদ কৰে ৷

সংগঠনে ১০০ ৰো অধিক কাৰ্যকৰ্তা এলএচএইচইপিৰ নিৰ্মাৰ্ণ সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহৰ ওপৰত ২৪ ঘন্টাই তীক্ষ্ণ দৃষ্টি ৰাখে। আনহাতে যিদিনা এইএইচপিচি আৰু এলএচএইচইপিৰ বিৰুদ্ধে কাৰ্যসূচী আৰম্ভ কৰিছিল তেতিয়া এনএইচপিচিৰ মুখ্য প্ৰৱন্ধ নিৰ্দেশক বলৰাজ জোশীয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ সন্মুখত কয় যে ২০১১ চনৰ ডিচেম্বৰ মাহত নদী বান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছিল ৷কিন্তু যেতিয়াই সোৱনশিৰীৰ জলস্তৰ হ্ৰাস পালে নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰিলে ৷অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ সহায়ক সচিব সৌৰভ দাসে কয় যে সংগঠনে কোনো কাৰণতে এনএইচপিচিৰ নদী বান্ধ নিৰ্মাণ কৰিবলৈ অনুমতি নিদিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: বিত্তীয় পেনেলে গৰাখহনীয়াক দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে: কেশৱ মহন্ত

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura