Begin typing your search above and press return to search.

বিত্তীয় পেনেলে গৰাখহনীয়াক দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে: কেশৱ মহন্ত

বিত্তীয় পেনেলে গৰাখহনীয়াক দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে: কেশৱ মহন্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Aug 2019 6:51 AM GMT

১৫ সংখ্যাক বিত্তীয় আয়োগে অসমৰ ভয়াবহ সমস্যা গৰাখহনীয়াক দুৰ্যোগ হিচাপে ঘোষণা কৰিব বুলি আশাবাদী অসম চৰকাৰ। এই সম্পৰ্কত বিত্তীয় পেনেলৰ অধক্ষ্যৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আলোচনাত মিলিত হৈছে । বুধবাৰে অসম বিধানসভাত এই কথা প্ৰকাশ কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তয়ে।

প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি জাহ যায়। বৰ্তমানলৈকে কেন্দ্ৰয়ে গৰাখহনীয়াক দুৰ্যোগ বুলি ঘোষণা কৰা নাই।

ব্ৰক্ষপুত্ৰৰ দুয়োকাষে এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণ কাৰ্যৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰি মন্ত্ৰী কেশৱ মহন্তয়ে প্ৰকাশ কৰে যে, ৰাজ্যিক জল সম্পদ বিভাগে ইতিমধ্যে প্ৰকল্পটো ২০১৭ চনৰ ২৯ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিছিল। তেওঁ প্ৰকাশ কৰে যে, ব্ৰহ্মপুত্ৰৰ প্ৰস্থ পৰিবৰ্তিত হয় ।বহুতো বান্ধ পথৰ দাঁতিকাষৰীয়া হোৱাৰ বাবে চৰকাৰে বৰ্তমান এই বান্ধ সমূহ গড়কাপ্তানি বিভাগক হস্তান্তৰ কৰাৰ সাম্ভাব্য পৰীক্ষা কৰা পৰিলক্ষিত হৈছে । এই পদক্ষেপে কেৱল নদী বান্ধ সমূহকে শক্তিশালী কৰাৰ লগতে ৰাজ্যৰ স্থলপথৰ যোগাযোগও উন্নত কৰিব বুলি প্ৰকাশ কৰে কেশব মহন্তয়ে। বিধানসভাত মন্ত্ৰী কেশৱ মহন্তয়ে লগতে প্ৰকাশ কৰে যে, জল সম্পদ বিভাগে ৰাজ্য চৰকাৰক ৰাজ্যৰ নদী আৰু চাপৰিৰ দায়িত্ব বিভাগক গতাই দিব লাগে ।

মন্ত্ৰী গৰাকীয়ে বিধানসভাৰ মজিয়াত প্ৰকাশ কৰে যে, বৰঝাৰ বিমানবন্দৰ আৰু জালুকবাৰী অঞ্চললৈ ভাবুকি কঢ়িয়াই অনা বানপানীৰ সমস্যা সমাধান কৰিবলৈ লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কতৃপক্ষয়ে চৰকাৰৰ লগত ইতিমধ্যে সহযোগিতা আগবঢ়াইছে ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভয়াবহ গৰাখহনীয়াৰ কবলত । ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙাৰ ভূমি সংকুচিত হৈ পৰিছে বুলি প্ৰকাশ কৰিছে ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জলৈ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰে গড়ৰ বিচৰন ভূমিৰ এটা বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় ।সংৰক্ষণকাৰী আৰু বন্যপ্ৰানীৰ কৰ্মীয়ে প্ৰকাশ কৰে যে, যদি এতিয়া গৰাখহনীয়াৰ সন্দৰ্ভত কোনো ব্যবস্থা গ্ৰহণ কৰা নহয় , তেতিয়া এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হব ।

চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৯০ শতাংশ আৰু পবিতৰাৰ প্ৰায় ৮৫ শতাংশ অঞ্চলত বানীৰ তলত আছিল চলিত বৰ্ষত ৷যাৰ কাৰণে সম্প্ৰতি বন্য প্ৰাণীৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল |

অধিক খবৰৰ বাবে পঢ়ক: শুৱনশিৰিৰ গৰাখহনীয়া : ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী মিচিং ছাত্ৰ সন্থাৰ

Next Story
চাকৰি