Begin typing your search above and press return to search.

শুৱনশিৰিৰ গৰাখহনীয়া : ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী মিচিং ছাত্ৰ সন্থাৰ

শুৱনশিৰিৰ গৰাখহনীয়া : ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী মিচিং ছাত্ৰ সন্থাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2019 7:16 AM GMT

শুৱনশিৰিৰ নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ দাবী জনাইছে মিচিং ছাত্ৰ সন্থায়ে। গৰাখহনীয়া ৰোধৰ বাবে শীঘ্ৰেই ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে । মিচিং ছাত্ৰ সন্থা - তাকাম মিচিং পৰিঙ কেবাং (TMPK) সাধাৰণ সভাপতি পদ্ম লোচন দলে গৰাখহনীয়াৰ ৰোধৰ বাবে দাবী উত্থাপন কৰিছে । মিচিং জনগোষ্ঠীৰ তিনিটা সংগঠন - টি এম পি কে, মিচিং মিমাগ কেবাঙ আৰু তাকাম মিচিং মাইম কেবাঙ সংগঠনে দেওবাৰে শুৱনশিৰি গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে , ইয়াৰ উপনৈ সমুহে কৰা ক্ষয় ক্ষতিৰ পৰ্যবেক্ষন কৰে । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰ চি চি দলংৰ চাউলধোৱাৰ পৰা আৰম্ভ কৰি বিহপুৰিয়া ৰাজহ চক্ৰৰ বনপুৰৈ- জামুগুৰী আদিৰো ক্ষয় ক্ষতিৰ বুজ লয় মিচিং ছাত্ৰ সংগঠনকেইটায়ে । ১২ দিনলৈ বান বিধস্ত ৰাজ্যত শুৱনশিৰি নদীৰ লগতে উপনৈ সমুহত গৰাখহনীয়াৰ সৃষ্টি হয়।

সংগঠন কেইটায়ে গৰাখহনীয়াৰ সন্দৰ্ভত পৰিদৰ্শন কৰা তথ্য আৰু ক্ষতিৰ পৰিমাণৰ তথ্য ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছে। লগতে গৰাখহনীয়া সন্দৰ্ভত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।বিগত এসপ্তাহৰ পিছত বানপানীয়ে লোকসকলৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে বৃহস্পতিবাৰে লক্ষীমপুৰৰ ব্ৰহ্মপুত্ৰ,সোৱনশিৰী, ৰঙানদী,কাকৈ,বগীনদী,শিঙাগৰা,পাভা,ডিক্ৰং আৰু ড্ৰপাঙৰ জলস্তৰ হ্ৰাস পায়। ইয়াৰ লগে লগে জিলাখনৰ বান পৰিস্থিতিত কিছু পৰিমাণে সকাহ পাইছে বানাক্ৰান্তই ৷

লক্ষীমপুৰ জিলাৰ মুঠ ৮৬ খন গাঁৱৰ উত্তৰ লক্ষীমপুৰ ৰাজহ চক্ৰ,৪ নং নাওবৈচা ৰাজহ চক্ৰ,বিহপুৰীয়াৰ ১০ নং ৰাজহ চক্ৰ,২৪ নং ৰাজহ চক্ৰৰ নাওবৈচা,১৬ নং ঢকুৱাখানা ৰাজহ চক্ৰ,১৫ নং সোৱনশিৰী ৰাজহ চক্ৰত বানৰ প্ৰকোপ কিছুপৰিমাণে হ্ৰাস পাইছে ৷ ইফালে বানে বিধ্বস্ত কৰা জিলাখনত দহ দিনৰ দিনা হৈছে ৪৫,৭৬৭ লোক আক্ৰান্ত হৈছে। জিলা প্ৰশাসনৰ এক বিশেষ তথ্য অনুসৰি জিলাখনত ৩৩৬১.৮৭ হেক্ট’ৰ ভূমি বানে প্ৰভাৱিত কৰিছে।উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত ৰঙানদী জল- বিদুৎ প্ৰকল্পৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত জলমগ্ন হৈ পৰিছিল লক্ষিমপুৰ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হৈছে । যোৱা ২৪ ঘন্টাত মায়ং আৰু ধেমাজি দুজন লোকৰ মৃত্যু হৈছে । ভূটানত ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলত নামনি অসমত বান পৰিস্থিতি অপৰিবৰ্তিত। কোকৰাঝাৰ , বেকি, পুথিমাৰিত বৰ্তমানেও জলমগ্ন । ধুবুৰী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰ বৰ্তমানেও বিপদসীমাৰ ওপৰৰে বৈ আছে। আনহাতে কৰিমগঞ্জত কুশিয়াৰা, শোণিতপুৰত জিয়া ভৰলু বিপদসীমাৰ ওপৰৰে বৈছে ।

অধিক খবৰৰ বাবে পঢ়ক: বানে প্ৰভাৱিত কৰা অঞ্চলসমূহত ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিশেষ পদক্ষেপ

Next Story