Begin typing your search above and press return to search.

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ পৰিষদৰ ধৰ্ণা ‌বিক্ষোভ

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ পৰিষদৰ ধৰ্ণা ‌বিক্ষোভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2019 6:19 AM GMT

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ পৰিষদৰ ধৰ্ণা ‌বিক্ষোভ। বুধবাৰে তিনিচুকীয়া জিলা কমিটীৰ অসম জাতীয়তাবাদী যুৱ পৰিষদে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপত সংগঠনটোৱে টিপং লালপাহাৰ গাওঁ বাসীৰ সহযোগত তিনি ঘন্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।টিৰাপ গেট ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত তিনি ঘন্টা জোৰা ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদী সকলে বিভিন্ন ধৰণৰ শ্ল'গানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

সংগঠনটোৱে টিৰাপ গেট ৰাজ্যিক চিকিৎসালয়ৰ দুৰাৱস্থা আৰু চিকিৎসালয় খন বিজ্ঞান সন্মত ভাৱে উন্নত কৰা, লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিপং লালপাহাৰ পথাৰ গাঁওৰ আৱশ্যকীয় পথটো নিৰ্মান কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৱে তিনি দফীয়া দাৱী সম্বলিত এখন স্মাৰক পত্ৰ মাৰ্ঘেৰিটা এছ ডি অ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আৰু গড়কাপ্তানী মন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

স্মাৰক পত্ৰত স্বাস্থ্য মন্ত্ৰীক সম্বোধিত কৰি টিৰাপ গেট ৰাজ্যিক চিকিৎসালয়ৰ দুৰৱস্থা , বিশুদ্ধ খোৱা পানী অভাৱ, উপযুক্ত ঔষধৰ অভাৱ আদি সমস্যা সমূহ অতি সোনকালে সমাধানৰ দাবী তোলে।‌

ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত ১০ নং টিপং লালপাহাৰ পথাৰ পথটোৰ শীঘ্ৰেই মেৰামতিৰো দাবী কৰে।

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা আন এক স্মাৰক পত্ৰত সংগঠনটোৱে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি বিধায়ক খন বাতিল কৰাৰ দাবী তোলে।তদুপৰি সংগঠনটোৱে তেওঁলোকৰ দাৱী সমূহ মানি নললে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক ভাৱে অধিক জংগী আন্দোলন‌ গঢ়ি তোলাৰো হুংকাৰ দিয়ে ।

অন্য খবৰৰ বাবে পঢ়ক: তলা বন্ধ কাৰ্যসূচীৰে ৪৮ ঘণ্টা জোৰা প্ৰতিবাদৰ হুংকাৰ টেট শিক্ষকৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: City Livelihood Centre inaugurated by Parimal Suklabaidya in Hailakandi

Next Story
চাকৰি