Begin typing your search above and press return to search.

 তলা বন্ধ কাৰ্যসূচীৰে ৪৮ ঘণ্টা জোৰা প্ৰতিবাদৰ হুংকাৰ টেট শিক্ষকৰ

 তলা বন্ধ কাৰ্যসূচীৰে ৪৮ ঘণ্টা জোৰা প্ৰতিবাদৰ হুংকাৰ টেট শিক্ষকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2019 9:47 AM GMT

তলা বন্ধ কাৰ্যসূচীৰে ৪৮ ঘণ্টা জোৰা প্ৰতিবাদৰ হুংকাৰ টেট শিক্ষকৰ।বহুদিন ধৰি কৰা প্ৰতিবাদৰ পিছতো কোনোধৰণৰ ফলাফল নোপোৱাৰ পিছত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে প্ৰতিখন জিলাৰ বিভাগীয় জিলা মিছন কৰ্ডিনেটৰ অফিচত তলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি ঘোষনা কৰিছে।

মঙ্গলবাৰে গুৱাহাটী প্ৰেছক্লাবত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে জানিব দিয়ে যে,"আমাৰ মুখ্য দাবী হল আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা।এই দাবীত আমি বহুদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছোঁ।এক স্থায়ী সমাধানৰ আশা কৰিয়েই যোৱা ২৯ জুন তাৰিখে আমি দিছ্পুৰ চলোঁ ৰ দৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ।তাৰ পিছৰ পৰাই এক যোগাত্মক ফলাফলৰ আশা আমি চৰকাৰৰ পৰা কৰি আছিলোঁ যদিও বৰ্তমান পৰ্যন্ত কোনো সমাধান সূত্ৰ চৰকাৰে লোৱা দেখা নগল।

আনহাতে শেহতীয়াকৈ অনুষ্ঠিত টেট পৰীক্ষাই ৮বছৰ ধৰি কৰ্মৰত টেট শিক্ষক সকলৰ প্ৰতি ভাবুকিহে কঢ়িয়াই আনিছে।কাৰণ আমাৰ চাকৰি নিয়মীয়াকৰণ বৰ্তমান লৈকে চৰকাৰে কৰা নাই।শেহতীয়া টেট পৰীক্ষাত উত্তীৰ্ণ হবলগীয়া পৰীক্ষার্থী সকলৰ প্ৰতি আমাৰ কোনো বেয়া ভাব নাই কিন্তু এই সকল উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিয়মীয়া চাকৰিত যোগদান কৰিলে ৮বছৰ ধৰি কৰ্মৰত টেট শিক্ষক সকলৰ ভৱিষ্যত কি হব।

সংগঠনটোৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে কয় যে, "আমি সদায় চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু আছোঁ আৰু আমাৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আমাৰ যুক্তিসমূহো উত্থাপন কৰিছো।দাবীসমূহ উত্থাপন কৰাৰ অৰ্থে শিক্ষকসকল ৰাজপথলৈ যাতে যাব নালাগে তাৰ বাবে আমি বহুবাৰ শিক্ষামন্ত্ৰী আৰু চৰকাৰলৈ বুলি লিখিত আবেদন জনাইছোঁ।লগতে তেওঁ জিলা মিছন কৰ্ডিনেটৰ কাৰ্য।লয়ত তলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সিদ্ধান্তৰ বিষয়ে জনায়।তিনিদিনকৈ কৰ্মবিৰতি লৈ নৱেম্বৰ মাহতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি তেওঁ জনায়।

অন্য খবৰৰ বাবে পঢ়ক: নাগ্ৰিজুলীত হাতী মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভাৰ আয়োজন

ভিডিঅ প্ৰতক্ষ্য কৰক: City Livelihood Centre inaugurated by Parimal Suklabaidya in Hailakandi

Next Story
চাকৰি