নাগ্ৰিজুলীত হাতী মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভাৰ আয়োজন

নাগ্ৰিজুলীত হাতী মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভাৰ আয়োজন

নাগ্ৰিজুলীত হাতী মানুহৰ সংঘাত সম্পৰ্কে সজাগতা সভাৰ আয়োজন। বাক্সা জিলাৰ নাগ্ৰিজুলীত হাতী মানুহৰ সংঘাত সম্পৰ্কে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। সজাগতা সভাৰ আয়োজন কৰে বাক্সা জিলাৰ তামুলপুৰ আৰু কুমাৰিকটা ফৰেষ্ট ৰেঞ্জে ।

সজাগতা সভাৰ‌ নেতৃত্ব প্ৰদান কৰে বাক্সা জিলা বন বিভাগৰ অধিকাৰী ভৱেশ দাসে । লগতে তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুয়েল মচাহাৰীয়ে এই সভাৰ আদৰণি ভাষন আগবঢ়ায়। তেওঁ কয় যে বে দখলকাৰী সকলৰ ফলত দিনক দিনে বনৰীয়া হাতীৰ বাবে থকা ঠাইৰ অভাৱ হৈ আহিছে । যদি মানুহে বনৰীয়া হাতীৰ বাবে উপযুক্ত থকা ঠাইৰ ব্যৱস্থা নকৰে তেতিয়াহলে অহা ২০/৩০ বছৰত বনৰীয়া হাতীৰ উপদ্ৰৱ অধিক বৃদ্ধি পাব ।

সজাগতা সভাত অংশ গ্ৰহণ কৰা গ্ৰীন এনভাইৰমেন্ট টাষ্ক ফ'ৰ্চৰ সম্পাদক দেৱজিৎ বৰাই কেনেদৰে বনৰীয়া হাতীক কৃষি ভূমি আৰু জনসাধাৰণৰ বসতি অঞ্চলৰ পৰা খেদি পঠিয়াব পাৰি সেই সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কৌশলৰ বিষয়ে উপস্থিত ৰাইজক জনায়। তদুপৰি তামুলপুৰ ফৰেষ্ট ৰেঞ্জাৰ কেশৱ ব্ৰহ্ম , কুমৰিকাটা ফৰেষ্ট ৰেঞ্জ।ৰ জীৱন স্বৰ্গীয়াৰী , বন বিষয়া কৰ্মচাৰী মৃদুল ৰহমান , বিৰেণ বড়ো , মতি ওজা ,ভৱেশ দাস অনুষ্ঠানত উপস্থিত থাকে।বন বিষয়া সকলে হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিবলৈ আহ্বান জনায়। লগতে বনৰীয়া হাতী অহা সময়ত জনসাধৰণক আক্ৰমণাত্মক হ'বলৈ বাধা জনায় ।

হাতী মানুহৰ সংঘাত সম্পৰ্কে অনুষ্ঠিত সজাগতা সভাত হাতীৰ আক্ৰমণত‌ নিহত ব্যক্তিৰ পৰিয়ালক ৪০ লাখ টকা‌ প্ৰদান কৰা হয়।

ভিডিঅ প্ৰতক্ষ্য কৰক: Bodoland International Paragliding Accuracy Championship begins

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com