Begin typing your search above and press return to search.

অন্ত পৰিল ২১ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা, ৪ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

অন্ত পৰিল ২১ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা, ৪ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Nov 2019 7:22 AM GMT

অন্ত পৰিল ২১ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা, ৪ কোটি টকাৰ গ্ৰন্থ বিক্ৰী।বাৰ দিনত প্রায় চাৰি কোটিৰ গ্ৰন্থ বিক্ৰীৰে বিগত বৰ্ষৰ অভিলেখ ভংগ কৰিলে উত্তৰ পূব গ্ৰন্থ মেলাই।সদৌ অসম প্ৰকাশন আৰু গ্ৰন্থ বিক্ৰী সন্থাৰ সম্পাদক ধীৰাজ গোস্বামী মন্তব্য কৰে যে ,"এই বৰ্ষত গ্ৰন্থ প্ৰেমীৰ ভিৰ আৰু সঁহাৰি দেখি অভিভূত হৈ পৰিছোঁ।বিভিন্ন বয়সৰ লোকে গ্ৰন্থমেলাত ভিৰ কৰা দেখা গৈছে।প্ৰত্যেকদিনাই ৮০ ৰ পৰা ৯০ হাজাৰ আহিছে গ্ৰন্থমেলালৈ।গ্ৰন্থমেলা সামৰণিৰ পূৰ্বৰ দিনটোত পাঁচ লাখ লোকৰ ভিৰ হব বুলি আমি আশা কৰিছোঁ।ইতিমধ্যে এইকেইদিনত প্ৰমাণ হৈছে গ্ৰন্থমেলা প্ৰকৃততে মানুহৰ গ্ৰন্থমেলা।"

মুম্বাই নিবাসী গ্ৰন্থ বিক্রেতা ভিভেক আৰ পাণ্ডেই কয় যে ,"আশাকৰা ধৰনে আমি গ্ৰাহকৰ সহাঁৰি লাভ কৰা নাই।অনলাইনযোগে গ্ৰন্থ বিক্ৰীৰ হাৰ বৃদ্ধি পোৱা বাবেই এনে হৈছে।ব্যদুতনিক সামগ্ৰীক লৈ ব্যস্ত থকাৰ বাবে লাহে লাহে পাঠকৰ সংখ্যাও কমি যোৱা দেখা গৈছে।অৱশ্যে আমি এইটোও লক্ষ্য কৰিছোঁ যে কলা আৰু সাহিত্যৰ প্ৰতি দুৰ্বলতা এতিয়াও বহুতৰ আছে। চাৰলেছ দিকেন্স,থমাছ হাৰ্ডি , ফৈদৰ দ্ৰষ্টবক্সি,জেন অস্তিন ৰ গ্ৰন্থ বিক্ৰী বৃদ্ধিপোৱাই তাকেই যেন প্ৰমাণ কৰে। এমা, প্ৰাইড এণ্ড প্ৰেজুডিচৰ দৰে কিতাপৰ প্ৰতি গ্ৰন্থপ্ৰেমীৰ আগ্ৰহ এতিয়াও দেখা যায়। আজিৰ নৱপ্ৰজন্মৰ মাজত শীৰ্ষক গ্ৰন্থ বিক্ৰীহাৰো বৃদ্ধি পোৱা দেখা গৈছে।পাঠকসমাজৰ মাজত বৰ্তমানো কাল্পনিক সাহিত্যৰ জনপ্ৰিয়তা দেখা পোৱা যায়।"

এইবাৰৰ গ্ৰন্থমেলাত মৃণাল তালুকদাৰ,হিমন্ত বিশ্ব শৰ্মা,সংগীতা বৰুৱা, দূজয় দত্ত,অৰুন্ধুতি ৰয় ৰচিত গ্ৰন্থৰ বিক্ৰীহাৰ বৃদ্ধি পোৱা দেখা গৈছে।

অন্য খবৰৰ বাবে পঢ়ক: এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক:New Bodo feature film “Gwthar ” hits Cinema Halls today

Next Story
চাকৰি