Begin typing your search above and press return to search.

এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ

এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2019 9:05 AM GMT

এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ। সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গান্ধী পৰিয়াল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মোনমোহন সিঙৰ এছ পি জিনিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ বিৰোধীতা কৰি ৰাজ ভৱন ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী দলটোৱে লক্ষীনাথ বেজবৰুৱা চকৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী ৰেলী বাহিৰ কৰাৰ কথা আছিল যদিও নিৰাপত্তা ৰক্ষীৰ হস্তক্ষেপৰ ফলত লক্ষীনাথ বেজবৰুৱা চকত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই । প্ৰতিবাদী দলটোৱে ৰাজভৱনত গৈ ৰাজ্যপালৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

এই স্মাৰক পত্ৰত উল্লেখ ‌কৰে যে ইয়াৰ পূৰ্বে ও প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁৰ কাৰ্যালয়ৰ সমুখত হত্যা কৰা হৈছিল । তদুপৰি ভাৰত চৰকাৰে ৰাজীৱ গান্ধীৰ পৰাও এছ পি জি নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল যাৰ ফলত ৰাজীৱ গান্ধীৰো হত্যা হৈছিল । তাৰপিছতেই এছ পি জি নিৰাপত্তা সংশোধিত কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু তেওঁৰ পৰিয়ালক দিয়া হৈছিল।

কিন্তু হঠাৎ এতিয়া আকৌ কোনো কাৰণ নোহোৱাকৈয়ে ড° মনমোহন সিং আৰু গান্ধীৰ পৰিয়ালৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।

অন্য খবৰৰ বাবে পঢ়ক: মুদ্ৰাস্ফীতি,বিমুদ্ৰাকাৰন,নিবনুৱা সমস্যাক লৈ কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল

ভিডিঅ প্ৰতক্ষ্য কৰক:New Bodo feature film “Gwthar ” hits Cinema Halls today

Next Story
চাকৰি