Begin typing your search above and press return to search.

মুদ্ৰাস্ফীতি,বিমুদ্ৰাকাৰন,নিবনুৱা সমস্যাক লৈ কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল

মুদ্ৰাস্ফীতি,বিমুদ্ৰাকাৰন,নিবনুৱা সমস্যাক লৈ কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2019 7:27 AM GMT

মুদ্ৰাস্ফীতি,বিমুদ্ৰাকাৰন,নিবনুৱা সমস্যাক লৈ কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল। মুদ্ৰাস্ফীতি,নিবনুৱা সমস্যা,মূল্যবৃদ্ধি আৰু বিমুদ্ৰাকৰনৰ বিৰুদ্ধে কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।বকোৰ বিধায়ক নন্দিতা দাসএ নেতৃত্ব লোৱা প্ৰতিবাদী সমদলটোত অংশগ্ৰহন কৰে ছয়গাওঁৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ,পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক যতীন মালী, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা আৰু সম্পাদক ধৰ্ম জৈনে।বকোৰ কেন্দুগুৰি গাওঁ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলটোৱে বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ কিছুসময়ৰ বাবে অৱৰোধ কৰে।

প্ৰতিবাদী সমদলটোত নিজ ভাষণ প্ৰসংগত বিধায়ক নন্দিতা দাসে কয় যে বিজেপি চৰকাৰৰ ভুল নীতিৰ বাবে সমগ্ৰ দেশ এতিয়া মুদ্ৰাস্ফীতিৰ দৰে সমস্যাত ভুগিছে।প্ৰতি বছৰে ২কোটি নিবনুৱা যুৱকক আত্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত ব্যক্তিগত আৰু চৰকাৰী দুই বিভাগতে চাকৰি হেৰুৱাইছে বহুজনে।প্ৰায় ৪০লাখ লোকে বৰ্তমানলৈকে চাকৰি হেৰুৱাইছে।বিধায়িকা গৰাকীয়ে লগতে কয় যে,বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান যেনে এন আৰ এল , পেপাৰ মিলছ,বিমানসেৱা,ৰেলৱে খণ্ড বিক্ৰী কৰাৰ বাবে সাজু হৈছে।ইয়াৰ ফলত নিবনুৱাৰ সংখ্যা ৮.১১ শতাংশ লৈকে বৃদ্ধি পাইছে যি আন্তৰাষ্ট্ৰীয় নিবনুৱা সমস্যাতকৈ দুগুন বেছি।কেন্দ্ৰীয় চৰকাৰে পৰা প্ৰৱৰ্তন কৰা বিমুদ্ৰাকাৰন নীতি বিফল হোৱা বুলি অভিযোগ কৰি বিধায়িকা গৰাকীয়ে শেহতীয়া এক ৰিপোৰ্ট ৰ উদ্ধৃতি দি কয় যে যোৱা তিনিটা বছৰত দেশত পৰাই ২৪ লাখ কোটি টকাৰ জাল নোট ধৰা পৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: ৮৯ তম শ্ৰী মন্ত শংকৰদেৱ‌ সংঘৰ‌ বাৰ্ষিক সন্মিলনৰ লাইখুটা স্থাপন

ভিডিঅ প্ৰতক্ষ্য কৰক:New Bodo feature film “Gwthar ” hits Cinema Halls today

Next Story
চাকৰি