৮৯ তম  শ্ৰী মন্ত শংকৰদেৱ‌ সংঘৰ‌ বাৰ্ষিক সন্মিলনৰ লাইখুটা স্থাপন

৮৯ তম  শ্ৰী মন্ত শংকৰদেৱ‌ সংঘৰ‌ বাৰ্ষিক সন্মিলনৰ লাইখুটা স্থাপন

৮৯ তম শ্ৰী মন্ত শংকৰদেৱ‌ সংঘৰ‌ বাৰ্ষিক সন্মিলনৰ লাইখুটা স্থাপন। শ্ৰীমন্ত শংকৰদেৱ‌ সংঘৰ ৮৯ তম বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতি অতি তীব্ৰ গতিত চলি আছে। শ্ৰীমন্ত শংকৰদেৱ‌ সংঘৰ‌ বাৰ্ষিক সন্মিলন‌ গোলাঘাট জিলাৰ বোকাখাট অঞ্চলৰ ওচৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অহা ৫ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৮ ফেব্ৰুৱাৰী ২০২০ লৈ চলিব ।

এই সন্মিলনৰ ওপৰত সংগতি ৰাখিয়েই ৰবিবাৰে কাজিৰঙা সমন্বয় ক্ষেত্ৰত ৮৯ তম শ্ৰী মন্ত শংকৰদেৱ‌ সংঘৰ‌ বাৰ্ষিক সন্মিলনৰ লাইখুটা স্থাপন কৰে । সন্মিলনৰ লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । ৪৫ ফুট দীঘল লাইখুটা বিভিন্ন ভক্ত আৰু শংকৰ সংঘৰ উপস্থিতত স্হাপন কৰা হয় । লগতে এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা অভ্যৰ্থনা কমিটীৰ কাৰ্যকৰী অধ্যক্ষ অতুল বৰা ।

তাৰ পিছতেই কমাৰ গাঁৱৰ বৰদিহিঙীয়া নাট্য মন্দিৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। এই সভা খন‌ নিয়ন্ত্ৰণ কৰে অভ্যৰ্থনা কমিটীৰ সম্পাদক চন্দ্ৰকান্ত ভূঞা আৰু সভাপতিত্ব কৰে পদাধিকাৰ কমলাকান্ত গগৈয়ে। এই সভাখনৰ আৰম্ভণি ভাষন আগবঢ়ায় সংঘৰ সাধৰণ সম্পাদক বুলবুল বৰাই । ভাষনত তেওঁ কয় যে শংকৰদেৱ‌ সংঘৰ পৰিসৰ এতিয়া যথেষ্ট বৃদ্ধি পাইছে । সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাংলাদেশ , পশ্চিম বেংগল,‌দিল্লী আদিৰ লোক সকলেও এই সন্মিলনত অংশ গ্ৰহণ কৰে বুলি কয় বুলবুল বৰাই ।‌ লগতে কয় যে অসমৰ যুৱ প্ৰজন্মক আত্ম নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ‌ সংঘ প্ৰায় প্ৰতিজ্ঞাবদ্ধ । তাৰোপৰি বৰাই সংঘৰ কাৰ্য সমূহ প্ৰচাৰ কৰাৰ বাবে এটা ৱেব পৰ্টেল আৰম্ভ কৰাৰ পৰিকল্পনাৰ‌ বিষয়েও উল্লেখ কৰে।

এই ৰাজহুৱা সভাত পদাধিকাৰ কমলাকান্ত গগৈ , গোলাঘাট জিলাৰ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকা, সংঘৰ জ্যেষ্ঠ পৰামৰ্শদাতা ভৱেন্দ্ৰ নাথ ডেকা , উপ পদাধিকাৰ বসুন্ধৰা ডেকা , প্ৰাক্তন বিধায়ক অৰুণ ফুকনৰ লগতে আন বহুতো গন্য মান্য ব্যক্তিয়ে এই সভাত নিজৰ বক্তব্য আগবঢ়াই ।

ভিডিঅ প্ৰতক্ষ্য কৰক:New Bodo feature film “Gwthar ” hits Cinema Halls today

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com