পথ দুৰ্ঘটনাত যোৰহাট মেডিকেল কলেজৰ চিকিৎসক প্ৰত্যুষ কুঞ্জনৰ কৰুণ মৃত্যু

পথ দুৰ্ঘটনাত যোৰহাট মেডিকেল কলেজৰ চিকিৎসক প্ৰত্যুষ কুঞ্জনৰ কৰুণ মৃত্যু

পথ দুৰ্ঘটনাত যোৰহাট মেডিকেল কলেজৰ চিকিৎসক প্ৰত্যুষ কুঞ্জনৰ কৰুণ মৃত্যু। শিৱসাগৰ জিলাৰ গৌৰিসাগৰ আৰক্ষী থানাৰ পৰা ৪ কিলোমিটাৰ আঁতৰত চাৰিংদুৱাৰ আলিত শনিবাৰে নিশা সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হোৱা ছাত্ৰ জন যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ প্ৰত্যুষ কুঞ্জন কৌশিক বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি প্ৰত্যুষ কুঞ্জন কৌশিক নিশা প্ৰায় ১২.৩০ মান বজাত শিৱসাগৰৰ পৰা এ এছ ০৪/চি-১৮৫০ নম্বৰ মাৰুতি জেনকাৰ খনেৰে যোৰহাট অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এ এছ/০১- বি -চি-০০৫৪ নম্বৰত ট্ৰাক খনে খুন্দা মাৰে।‌

এই দুৰ্ঘটনাৰ ফলত ডা: প্ৰত্যুষ কুঞ্জন কৌশিক গুৰুতৰভাৱে আহত হয় আৰু গৌৰিসাগৰ থানাৰ আৰক্ষীৰ সহায়ত তেওঁক শিৱসাগৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তাৰ কিছুসময় পিছতেই ৰবিবাৰে ডা: প্ৰত্যুষ কুঞ্জন কৌশিকে শেষ নিশ্বাস ত্যাগ কৰে। মৰোণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো পৰিয়ালৰ হাতত অৰ্পন কৰা হয় । ডা: প্ৰত্যুষ কুঞ্জন কৌশিক যোৰহাটৰ নিৱাসী তথা অ' এন জি চিৰ উচ্চ পদস্থ বিষয়া দিলীপ পাঠক আৰু অঞ্জলী পাঠকৰ জ্যেষ্ঠ পুত্ৰ ।‌

এই দুৰ্ঘটনাৰ সময়ত ডা: প্ৰত্যুষ কুঞ্জন কৌশিকৰ লগত তেওঁৰ বন্ধু ৰঞ্জন বৰঠাকুৰো আছিল । জানিব পৰা মতে এই দুৰ্ঘটনাৰ ফলত ৰঞ্জন‌ বৰঠাকুৰো গুৰুতৰভাৱে আহত হয়। আহত ৰঞ্জন বৰঠাকুৰক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:New Bodo feature film “Gwthar ” hits Cinema Halls today

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com