Begin typing your search above and press return to search.

মধ্যাহ্ন ভোজন গ্ৰহণ পিছত অসুস্থ হৈ পৰে ছাত্ৰ ছাত্ৰী

মধ্যাহ্ন ভোজন গ্ৰহণ পিছত অসুস্থ হৈ পৰে ছাত্ৰ ছাত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2019 7:46 AM GMT

মধ্যাহ্ন ভোজন গ্ৰহণৰ পিছত অসুস্থ হৈ পৰে ছাত্ৰ ছাত্ৰী। লক্ষীমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চিনাতলিয়া চাহ শ্ৰমিক এল পি স্কুলৰ প্ৰায় ৫ জন ছাত্ৰ ছাত্ৰী মধ্যাহ্ন ভোজন গ্ৰহণৰ পিছত অসুস্থ হৈ পৰে । শুকুৰবাৰে লক্ষীমপুৰ জিলাৰ চিনাতলিয়া চাহ শ্ৰমিক এল পি স্কুলত পাৰশ এগ্ৰো চোছাইটি নামৰ এন জি অ'টোৰ দ্বাৰা খাদ্য যোগান ধৰে । এই খাদ্য গ্ৰহণ কৰাৰ পিছতেই অসুস্থ হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী।

তথ্য অনুসৰি জানিব পৰা মতে ৰান্ধনী আৰু সহায়কাৰীয়ে ৰন্ধা খাদ্য সামগ্ৰী এন জি অ'ৰ দ্বাৰা প্ৰদান কৰা হৈছিল।এই খাদ্য সামগ্ৰী বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী মৌচুমী শইকীয়াৰ তত্বাৱধান এনে জি অ'টোৱে প্ৰায় ৬০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল। কিন্তু সেই খাদ্য খাবলৈ মাত্ৰ ১৫ জন ছাত্ৰ-ছাত্ৰীয়েহে মান্তি হৈছিল। ইয়াৰ পিছত মধ্যাহ্ন ভোজন ১৫ জন‌ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় ।

খাদ্য গ্ৰহণ কৰাৰ কিছু সময় পিছতেই ৫ জন ছাত্ৰ-ছাত্ৰীয়ে হঠাৎ বমি কৰিবলৈ আৰম্ভ কৰে । তাৰ পিছতেই বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে আন ছাত্ৰ-ছাত্ৰী সকলক খাদ্য গ্ৰহন কৰিবলৈ বাধা দিয়ে । ৫ জন‌ ছাত্ৰ ছাত্ৰীয়ে খাদ্য গ্ৰহণ কৰাৰ পিছতেই তেওঁলোকৰ পেটৰ বিষ, বমি আৰু মুৰ ঘুৰণিও হয় ।‌তাৰ পিছতেই বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় লোকৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰী সকলক চিনাতলিয়া চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। খাদ্যৰ খোৱাৰ পিছত অসুস্থ হোৱা ছাত্ৰ ছাত্ৰীসকল মনমতিয়া ওৰাং, সনজিৎ গৰহ্ ,নিগু কুজুৰ , আকাশ ওৰাং আৰু মাৰয়াম ইন্দুৱাৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতেই লক্ষীমপুৰ জিলা‌ শাখাৰ আছু, বগানদী অ'চি প্ৰিয়ব্ৰত গগৈৰ লগতে আন বহু গণ্য মান্য ব্যক্তিয়ে আহি ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ লয় । তথ্য অনুসৰি সম্প্ৰতি কিছু সুস্থ হৈ উঠিছে ছাত্ৰ ছাত্ৰীসকল‌।ইফালে সেই একেই ধৰণৰ ঘটনা সংঘটিত হয় ৰঙাজান হাইস্কুলত। মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পাছত প্ৰায় দহ গৰাকী ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰে।‌উক্ত ঘটনাৰ পিছতেই লক্ষীমপুৰ জিলা শাখাৰ সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰক নিন্দা কৰি কয় যে চৰকাৰে ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্যৰ লগত হেতালি খেলিছে ।

লক্ষীমপুৰ জিলাৰ এছ ইউ চি আই য়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । এই প্ৰতিবাদীসকলে অনতি পলমে চৰকাৰৰ সিদ্ধান্ত সলনি কৰাৰ দাবী কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: লক্ষীমপুৰত দ্বিতীয় দিনাও প্ৰতিবাদ কৰিলে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়ে

ভিডিঅ প্ৰতক্ষ্য কৰক:New Bodo feature film "Gwthar " hits Cinema Halls today

Next Story