Begin typing your search above and press return to search.

অক্ষয় কুমাৰৰ নতুন ছবিৰ ছুটিঙ সমাপ্ত, ছবি খনৰ ফটো টুইট কৰিলে অক্ষয়ে

অক্ষয় কুমাৰৰ নতুন ছবিৰ ছুটিঙ সমাপ্ত, ছবি খনৰ ফটো টুইট কৰিলে অক্ষয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2019 11:03 AM GMT

অক্ষয় কুমাৰৰ নতুন ছবিৰ ছুটিঙ সমাপ্ত, ছবি খনৰ ফটো টুইট কৰিলে অক্ষয়ে। অক্ষয় কুমাৰৰ নতুন ছবিৰ ছুটিং ইতিমধ্যে সমাপ্ত হৈছে ।এই ছবি খন বলিউডৰ অন্যতম এখন ছবি হ'ব পাৰে । এখনৰ পিছত আন এখন ছবি আহিছে বলিউডত । অইন বাৰৰ দৰে এই বৰ্ষতো অক্ষয় কুমাৰৰ বহু কেইখন ছবিয়ে জনসাধৰণৰ যথেষ্ট সমাদাৰ লাভ কৰিছে । ডিচেম্বৰ মাহত অক্ষয় কুমাৰৰ আন এখন ছবি মুক্তি লাভ কৰিব। ইয়াৰ মাজতে অক্ষয় কুমাৰৰ আন এখন ছবিৰ‌ ছুটিং ইতিমধ্যে সমাপ্ত হৈছে । অক্ষয় কুমাৰে নিজে ছবি খনৰ ফটো শ্বেয়াৰ কৰি এই কথা ব্যক্ত কৰিছে । এই ছবি খন ২০২০ চনত মুক্তি লাভ কৰিব।

অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি খনৰ নাম হ'ল সূৰ্যবংশী । এই ছবি খনৰ নিৰ্দেশনা কৰিছে লোহিত চেট্টীয়ে । এই ছবি খনত অক্ষয় কুমাৰক আৰক্ষীৰ ৰূপত দেখা যাব । সূৰ্যবংশী নামৰ ছবি খনত এক্সন আৰু ষ্টান্ট দেখা যাব ।

https://www.instagram.com/p/B5fSOcenOFI/?utm_source=ig_web_copy_link

অক্ষয় কুমাৰে নিজৰ ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে সূৰ্যবংশী ৰ ছুটিংৰ পৰা ৰোহিত চেট্টীৰ লগত ফটো শ্বেয়াৰ কৰিছে । এই ছবি খনত তেওঁলোকৰ পিছত এখন‌ হেলিকপ্টাৰ দেখা পোৱা গৈছে। ফটো খন শ্বেয়াৰ কৰাৰ লগতে তেওঁ লিখিছে যে , " সূৰ্যবংশীৰ অন্তিম দিনা, অন্তিম শ্বুত , অন্তিম ষ্টান্ট , ৰোহিত চেট্টীৰ লগত কাম কৰা অনুভৱ অতি সুন্দৰ । এই ছবি খন ছবি গৃহত অহাৰ বাবে আমি উত্তেজিত হৈ আছে " ।

এই ছবিখনৰ পৰা দেখা যায় যে সূৰ্যবংশীৰ শেষৰটো খণ্ডত অক্ষয় কুমাৰক হেলিকপ্টাৰৰ লগত ষ্টান্ট কৰা দেখা যাব ।‌এই ছবি খনত অক্ষয় কুমাৰৰ লগত অভিনেত্ৰী কেট্ৰিনা কাইফকো দেখা যাব ।

তদুপৰি আহিবলগীয়া সময়ত অক্ষয় কুমাৰৰ আন বহুতো ছবি মুক্তি লাভ কৰিব । তাৰ ভিতৰত বেল বটম, লক্ষী বাম্ব । ইয়াৰোপৰি ২০১৯ চনৰ ২৭ ডিচেম্বৰ তাৰিখে অক্ষয় কুমাৰৰ নতুন ছবি গুড নিউজ মুক্তি লাভ কৰিব । এই ছবি খনত কৰীণা কাপুৰ, কিয়াৰা আডৱানিৰ লগতে আন অভিনেতা অভিনেত্ৰীক দেখা যাব ।

অন্য খবৰৰ বাবে পঢ়ক: ছলমান খানৰ ডবং ৩ হ’ব ছুপাৰ ফ্লপ , এজন অভিনেতাই কৰিলে ঘোষনা

ভিডিঅ প্ৰতক্ষ্য কৰক: Chaotic Situation in Guwahati’s Last Gate, Protesters slams BJP Government over CAB

Next Story
চাকৰি