Begin typing your search above and press return to search.

কাশ্মীৰত বলীউডৰ অভিনেতা অক্ষয় কুমাৰ:টুইটাৰত আচৰিত অনুৰাগী

কাশ্মীৰত বলীউডৰ অভিনেতা অক্ষয় কুমাৰ:টুইটাৰত আচৰিত অনুৰাগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2019 10:32 AM GMT

কাশ্মীৰত বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ৷ আমাৰ সমাজত দেখাত একে বহু মানুহ দেখা যায় ৷ আপোনালোকে নিশ্চয় শুনিছে বিশ্ব সাতজন দেখাত একে মানুহ থাকে ৷গতিকে সম্প্ৰতি বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ লগত হৈছে সেই একেই ঘটনা ৷ অক্ষয় কুমাৰৰ দৰে দেখাত একে কাশ্মীৰৰ এজন মানুহৰ এখন ফটোৱে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে । ফটো খনে অক্ষয় কুমাৰৰ অনুৰাগীসকলক বিশেষকৈ আছৰিত কৰি তুলিছে ৷আৰু সম্প্ৰতি টুইটাৰ আৰু অক্ষয় কুমাৰৰ ফটোত মন্তব্য আৰু লাইকেৰে ভৰি পৰিছে ।

আনহাতে অক্ষয় কুমাৰৰ সৈতে দেখাত একে মানুহৰ নাম মাজিদ মিৰ ৷ জম্মু কাশ্মীৰৰ শ্ৰী নগৰৰ বাসিন্দা মাজিদ মীৰৰ মন্তব্য অনুসৰি তেওঁ ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ গভীৰ অনুৰাগী ৷ মাজিদ মীৰে সুনীল গাভাস্কাৰৰ দৰে এটা টুপী পৰিধান কৰি থাকে ।ইফালে এজন লোকে টুইটাৰ যোগে এই মাজিদ মীৰৰ ফটো খনৰ সন্দৰ্ভত প্ৰশ্ন কৰে যে এইয়া অক্ষয় কুমাৰ নে?

ইয়াৰ পিছতেই অতি ক্ষিপ্ৰ গতিত বিয়পি পৰে মাজিদ আলী আৰু অক্ষয় কুমাৰ ৷ ফটোখনৰ বিষয়ে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কয় যে ফটোখনে অক্ষয় কুমাৰৰ বৃদ্ধ কালক মনত পেলাই দিছে ৷

অন্যহাতে আন এজন লোকে এই ফটোখনক ফ’টোশ্বপ কৰা হৈছে বুলিও মন্তব্য কৰে । কিন্তু এনে ধৰণে দেখিবলৈ একে বলীউডৰ চেলীব্ৰেট্ৰীৰ এইয়া প্ৰথম নহয় ৷অনুস্কা শৰ্মা ,ছলমান খান আৰু জেকলিন ফানাৰ্ণ্ডেজৰ দৰে অভিনেত্ৰীৰ ভিডিঅ’ই অনাগত সময়ত চৰ্চাৰ শীৰ্ষত আছিল ।

পাশ্চাত্যৰ এগৰাকী প্ৰসিদ্ধ গায়িকা জুলীয়া মাইকেল্সে বিগত সময়ত বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে এখন ফ’টো শ্বেয়াৰ কৰিছিল ৷ আৰু ইয়াৰ পিছতেই তীব্ৰ গতিত ভাইৰেল হৈছিল জুলীয়া মাইকেল্সৰ অনুস্কা শৰ্মাক লৈ কৰা টুইটো। জুলীয়া মাইকেল্সে টুইট কৰিছিল যে Hi Anuska Sharma,apparently we are twins lol. এই উত্তৰত অনুস্কাই দিছিল যে OMG Yes!I have been looking for you and the remaining 5 of our dopplegangers all my life .

ইফালে জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে দেখাত প্ৰায় একে যুৱতী গৰাকী হৈছে জাৰ্মানীৰ আমাণ্ডা চেৰ্নী। ইফালে অভিনেত্ৰী জেকলিনে ইতিমধ্যে ইনষ্টাগ্ৰামত এটা প’ষ্টৰ জৰিয়তে আমাণ্ডাক ভাৰতলৈ স্বাগতম জনাইছে ৷ আৰু আমাণ্ডায়েও জেকলিনৰ প’ষ্টত সহাঁৰি জনাইছে ৷

কাৰণ আমাণ্ডা চেৰ্নীও এখন ফ’টোৰ জৰিয়তে ভাৰতলৈ অহাৰ প্ৰসংগত উৎসুকতাৰ কথা প্ৰকাশ কৰে ৷ ইফালে আমাণ্ডা চেৰ্নীৰ এই উৎসুকতাত জেকলিন ফাৰ্ণাণ্ডেজেও প্ৰতিক্ৰিয়া দিয়ে ৷ উল্লেখযোগ্য আমাণ্ডা চেৰ্নী হৈছে জাৰ্মানীৰ যুৱতী ৷ ছ’চিয়েল মিডিয়াত সততে সক্ৰিয় আমাণ্ডা চেৰ্নী।

অন্য খবৰৰ বাবে পঢ়ক: টিক টকত ভিডিঅ কৰি চৰ্চিত বলীউডৰ ভাইজান ছলমান খান

ভিডিঅ প্ৰতক্ষ্য কৰক:AGP party is in favour of construction of small dams instead of Mega Dam Projects: Atul Bora

Next Story
চাকৰি