Begin typing your search above and press return to search.

২০২০ চনতে বিবাহ পাশত আবদ্ধ হ'ব ৰণবীৰ কাপুৰ‌ আৰু আলিয়া ভট

২০২০ চনতে বিবাহ পাশত আবদ্ধ হব ৰণবীৰ কাপুৰ‌ আৰু আলিয়া ভট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2020 1:07 PM GMT

২০২০ চনতে বিবাহ পাশত আবদ্ধ হ'ব ৰণবীৰ কাপুৰ‌ আৰু আলিয়া ভট ।বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিয়াৰ খবৰ চাৰিওফালে বিয়পি পৰিছে। ফিল্ম সাংবাদিক ৰাজীৱ মচন্দই নিজ এখন মেগাজিনৰ এটা লিখনিত আলিয়া আৰু ৰণবীৰ ৰ বিয়া ডিচেম্বৰৰ মাহত ঠিক কৰা বুলি উল্লেখ কৰিছে। তেওঁ লগতে উল্লেখ কৰি কয় যে দুয়োজনৰে আহিব লগীয়া চিনেমা ব্ৰহ্মাস্ত্ৰ ৰ পিছতেই বিয়াৰ তাৰিখ ঠিক কৰা হব। মেগাজিনত প্ৰকাশিত খবৰ অনুসৰি ৰণবীৰ আৰু আলিয়া দুয়োজনৰে বিয়াৰ প্ৰস্তুতি বহু আগৰ পৰাই চলি আহিছে।

অহা ৪ ডিচেম্বৰ তাৰিখে তেওঁলোকৰ ছবি মুক্তি লাভ কৰাৰ পিছতেই অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বিবাহ পাশত আবদ্ধ হব ।

জানিব পৰা মতে আলিয়া ভটে সঞ্জয় লীলা বঞ্চালীৰ ছবি ' গংগুবাই কাঠিয়াবাৰী' ৰ শ্বুটিং কৰি আছে । কিন্তু তাৰ পিছতেই দুয়োগৰাকী অভিনেতা অভিনেত্ৰীয়ে কিছু বিৰতি ল'ব ।

উল্লেখযোগ্য যে আলিয়া ভট আৰু ৰণবীৰ কাপুৰৰ অভিনীত ছবি অহা মে' মাহত মুক্তি লাভ কৰিব। জানিব পৰা মতে এই ছবিখনত আলিয়া ভট আৰু ৰণবীৰ কাপুৰৰ উপৰিও অমিতাভ বচ্চন , নাগাৰ্জুন আৰু মোনি ৰয়কো দেখা যাব ।

এই ছবি খনৰ নিৰ্মাতা কৰণ জোহাৰ । কিছুদিনৰ পৰা চৰ্চালৈ আহিছে ছবি খনৰ কাহিনী। জানিব পৰা মতে ছবি খনত এনেকুৱা এটা চৰিত্ৰ আছে যাৰ ওচৰত আলৌকিক শক্তি আছে ।

সূত্ৰ অনুসৰি জানিব পৰা মতে ছবি খনত আলিয়া ইছা হ’ব । ইছাই ছবি খনত নিজৰ হাতেৰেই জুই উলিওৱা দেখা যাব । তদুপৰি ছবি খনত ৰণবীৰ কাপুৰক এজন প্ৰত্নতাত্বিক হিচাপে দেখা যাব । ছবি খনত ৰণবীৰ কাপুৰৰ মূল উদ্দেশ্য হ’ল বৰণাসী বহু বছৰ পুৰণি মন্দিৰটো জীৱিত কৰা । এই ছবিখনত মহানায়ক অমিতাভ বচ্চন ৰণবীৰ কাপুৰৰ গুৰু ৰূপত দেখা যাব । ছবি খনত ৰণবীৰ কাপুৰৰ নাম শিৱ হ’ব যিয়ে ব্ৰহ্মাস্ত্ৰৰ সন্ধান কৰিব ।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই ছবিখন মুক্তি লাভ কৰাৰ পিছতেই অভিনেতা অভিনেত্ৰী গৰাকী বিবাহ পাশত আবদ্ধ হ'ব।

অন্য খবৰৰ বাবে পঢ়ক : ছ’নি টিভিৰ জনপ্ৰিয় অনুষ্ঠান দা কপিল শৰ্মা শ্ব’ত উপস্থিত কাৰ্তিক আৰিয়ন : ভাইৰেল ভিডিঅ’

ভিডিঅ প্ৰতক্ষ্য কৰক : Meet Bollywood Star Salman Khan’s biggest fan Bhupen Liksan from Jagun

Next Story
চাকৰি