Begin typing your search above and press return to search.

ছ'নি টিভিৰ জনপ্ৰিয় অনুষ্ঠান দা কপিল শৰ্মা শ্ব'ত উপস্থিত কাৰ্তিক আৰিয়ন : ভাইৰেল ভিডিঅ'

ছনি টিভিৰ জনপ্ৰিয় অনুষ্ঠান দা কপিল শৰ্মা শ্বত উপস্থিত কাৰ্তিক আৰিয়ন : ভাইৰেল ভিডিঅ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2020 11:50 AM GMT

ছ'নি টিভিৰ জনপ্ৰিয় অনুষ্ঠান দা কপিল শৰ্মা শ্ব'ত উপস্থিত কাৰ্তিক আৰিয়ন : ভাইৰেল ভিডিঅ' । জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ন আৰু অভিনেত্ৰী ছাৰা আলি খান বৰ্তমান সময়ত ব্যস্ত আছে তেওঁলোকৰ আহিবলগীয়া ছবি লাভ আজকল ২ ৰ প্ৰচাৰৰ বাবে। ছবি খনৰ প্ৰচাৰৰ বাবে কাৰ্তিক আৰিয়ন আৰু ছাৰা আলি খান বিভিন্ন সাক্ষাৎকাৰ, টিভি শ্ব' আদিত অংশগ্ৰহণ কৰি আছে ।

ছবিখনৰ প্ৰচাৰৰ বাবে এইবাৰ কাৰ্তিক আৰিয়ন আৰু ছাৰা আলি খান উপস্থিত হ'ল জনপ্ৰিয় অনুষ্ঠান দা কপিল শৰ্মা শ্ব'ত। এই অনুষ্ঠানত দুয়োগৰাকী অভিনেতা অভিনেত্ৰীয়ে কপিল শৰ্মা আৰু অৰ্চনা পুৰণ সিঙৰ লগত যথেষ্ট খিনি হাঁহি স্ফূৰ্তি কৰে।

ইয়াৰ মাজতে কাৰ্তিক আৰিয়নে অৰ্চনা সিঙক দাঙি লয় ।এয়া মাত্ৰ অনুষ্ঠানৰ মাজত কৰা এক চেলেঞ্জ হে আছিল। এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হয় ।

https://www.instagram.com/p/B8N0i_6B62z/?utm_source=ig_web_copy_link

এই ভিডিঅ'টো কাৰ্তিক আৰিয়নৰ ফেন ক্লাবে ইন্চটাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে ।

দৰ্শকৰ মাজত অতি জনপ্ৰিয় অনুষ্ঠান দা কপিল শৰ্মা শ্ব'। কোনো নতুন বলিউডৰ ছবি আহিলে এই অনুষ্ঠানত বলিউডৰ অভিনেতা অভিনেত্ৰী সকল ছবি প্ৰচাৰৰ বাবে উপস্থিত হয় ।

লাভ আজকল ২ ছবি খন চলিত মাহৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰিব। এই ছবি খনৰ নিৰ্দেশনা কৰিছে ইমতিয়াজ আদিয়ে । লগতে প্ৰয়োজনা কৰিছে হোমি আদাজনিয়াই আৰু দিনেশ ভিজানে । লগতে সংগীত পৰিচালনা কৰিছে প্ৰিতম চক্ৰৱৰ্তী, ইষান চাব্ৰাই ।

ছবি খনত ছাৰা আলি খান আৰু কাৰ্তিক আৰিয়নৰ উপৰিও অভিনয় প্ৰদৰ্শন কৰিছে ৰণদ্বীপ হুডা, স্বেতা পাড্ডা , আৰুচী শৰ্মা আৰু আন বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে ।

ইতিমধ্যে লাভ আজকল ২ নামৰ ছবিখনৰ ট্ৰেইলৰ মুক্তি লাভ কৰিছে । আহিবলগীয়া ছবি লাভ আজকল ২ ছবি খনে দৰ্শকৰ মাজত কিমান জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষনীয়।

অন্য খবৰৰ বাবে পঢ়ক : দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা ছবি ‘তানাজী’ ক লৈ সুখী অভিনেতা অজয় দেৱগন

ভিডিঅ প্ৰতক্ষ্য কৰক : Meet Bollywood Star Salman Khan’s biggest fan Bhupen Liksan from Jagun

Next Story
চাকৰি