Begin typing your search above and press return to search.

দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা ছবি 'তানাজী' ক লৈ সুখী অভিনেতা অজয় দেৱগন

দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা ছবি তানাজী ক লৈ সুখী অভিনেতা অজয় দেৱগন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2020 10:55 AM GMT

দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা ছবি 'তানাজী' ক লৈ সুখী অভিনেতা অজয় দেৱগন । বলিউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগনৰ ছবি তানাজী মুক্তি লাভ কৰাৰ পিছতেই দৰ্শকৰ যথেষ্ট সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।‌ছবি খন মুক্তি লাভ কৰাৰ চতুৰ্থ সপ্তাহতে ছবি খনে অভিলেখ গঢ়ে। সকলোৱে কেৱল মাত্ৰ ছবি খনৰ প্ৰশংসাহে কৰিছে ।

বক্স অফিচ ইণ্ডিয়া ৱেবছাইট অনুসৰি অজয় দেৱগনৰ ছবি তানাজী: দা আনসংগ ৱাৰিয়ৰ ছবি খন বিশ্ব স্তৰত সকলোতকৈ অধিক আয় কৰা ছবিৰ চতুৰ্থ স্থান লাভ কৰিছে। বক্স অফিচ ইণ্ডিয়াৰ তথ্য অনুসৰি এই ছবি খনে ৩২৪ কোটি টকা আয় কৰিছে। ইয়াৰ পূৰ্বে হৃত্বিক ৰোচন আৰু টাইগাৰ শ্ৰোফৰ 'ৱাৰ' ছবি খনে অৰ্জন কৰিছিল ৪৪২ কোটি টকা আৰু চাহিদ কাপুৰৰ 'কবিৰ সিং' য়ে আয় কৰিছিল ৩৭২ কোটি টকা।‌

২০২০ চনৰ ১০ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছিল অজয় দেৱগনৰ ছবি তানাজী : দা আনসংগ ৱাৰিয়ৰ । এই ছবিখনত অজয় দেৱগনৰ উপৰিও অভিনয় প্ৰদৰ্শন কৰিছিল ছৈয়ফ আলী খান, অভিনেত্ৰী কাজল , নেহা শৰ্মা , পদ্মাৱতী ৰাও , শাৰদ কলেকৰ আৰু আন বহুতো । উল্লেখযোগ্য যে এই ছবি খনত অজয় দেৱগনে তানাজী মালুচাৰেৰ চৰিত্ৰত অভিনয় কৰিছে। লগতে কাজলে সাবিত্ৰীবাই আৰু ছৈয়ফ আলী খানে উদয়ভান সিং ৰাথোৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যায়।

এই ছবি খন দৰ্শকে যথেষ্ট পৰিমাণে ভাল পাইছিল যাৰ বাবে বক্স অফিচত অতি ভাল আয় কৰিবলৈ সক্ষম হয় । এই ছবি খনৰ নিৰ্দেশনা কৰিছে ওম ৰাৱতে । তানাজী: দা আনচাং ৱাৰিয়ৰ ওম ৰাওতৰ দ্বাৰা নিৰ্দেশিত প্ৰথমখন ছবি। এই ছবি খন এজন মাৰাঠী ৰজাৰ ওপৰত আধাৰিত আছিল। গতে এই ছবি খনৰ সংগীত পৰিচালনা কৰিছে অজয় , অতুল ,শছীত, সন্দীপ শ্ৰীৰোধকাৰে ।

উল্লেখযোগ্য যে তানাজীৰ সময়ত দীপিকা পাডুকনৰ ছবি ছপাক মুক্তি লাভ কৰিছিল। কিন্তু ছবি খনে দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম নহয় ।

উল্লেখযোগ্য যে তানাজীৰ সফলতাক লৈ অভিনেতা অজয় দেৱগনক অত্যন্ত সুখী দেখা যায়। তেওঁ ছ'চিয়েল মিডিয়া যোগে তেওঁৰ অনুভৱ ব্যক্ত কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : মুক্তি পালে ‘বাঘী ৩’ ৰ ট্ৰেইলৰ, এইবাৰো দেখা পোৱা যাব টাইগাৰ শ্ৰোফৰ এক্সন

ভিডিঅ প্ৰতক্ষ্য কৰক : Meet Bollywood Star Salman Khan’s biggest fan Bhupen Liksan from Jagun

Next Story
চাকৰি