Begin typing your search above and press return to search.

মুক্তি পালে 'বাঘী ৩' ৰ ট্ৰেইলৰ, এইবাৰো দেখা পোৱা যাব টাইগাৰ শ্ৰোফৰ এক্সন

মুক্তি পালে বাঘী ৩ ৰ ট্ৰেইলৰ, এইবাৰো দেখা পোৱা যাব টাইগাৰ শ্ৰোফৰ এক্সন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2020 11:22 AM GMT

মুক্তি পালে 'বাঘী ৩' ৰ ট্ৰেইলৰ, এইবাৰো দেখা পোৱা যাব টাইগাৰ শ্ৰোফৰ এক্সন । আহি আছে বলিউডৰ আন এক ছবি বাঘী ৩। বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰোফ। অভিনেতা টাইগাৰ শ্ৰোফ মূলত তেওঁৰ এক্সনৰ বাবে অধিক জনপ্ৰিয়। তেওঁৰ অভুতপূৰ্ব এক্সনেৰে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰা টাইগাৰ শ্ৰোফৰ আন এক ছবি আহি আছে বাঘী ৩ ।

বাঘীৰ তৃতীয় খণ্ড‌ অৰ্থাৎ বাঘী ৩ ৰ ট্ৰেইলৰ ইতিমধ্যে মুক্তি লাভ কৰিছে । ছবি খনৰ ট্ৰেইলৰত টাইগাৰ শ্ৰোফৰ এক্সন দেখিবলৈ পোৱা যায়। এই ছবিখনত টাইগাৰ শ্ৰোফৰ লগত অভিনয় কৰিব জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে।

মুক্তি লাভ কৰা ট্ৰেইলৰৰ আৰাম্ভণী ৰোণী অৰ্থাৎ টাইগাৰ শ্ৰোফৰ দ্বাৰা হয় । তাৰ পিছতেই দেখা যায় তেওঁ তেওঁৰ ভাতৃ অৰ্থাৎ ৰিতেশ দেশমুখক । ছবি খনৰ ট্ৰেইলৰৰ আৰাম্ভণী টাইগাৰ শ্ৰোফে কয় যে ' মানুহে সম্পৰ্কৰ বাবে সীমা অতিক্ৰম কৰে, মোৰো এটা এনেকুৱা সম্পৰ্ক আছিল যাৰ বাবে মই ও সীমা অতিক্ৰম কৰিছো ' । ছবি খনৰ ট্ৰেইলৰত দেখা অনুসৰি ৰোণীৰ ভাতৃ অৰ্থাৎ ৰিতেশ দেশমুখ এনে এজন ভাতৃ যিয়ে নিজৰ সুৰক্ষা কৰিব নোৱাৰে আৰু কিবা সমস্যা হ'লেই ৰোণীক মাতে । তাৰ পিছতেই ভাতৃ ৰোণীয়ে তেওঁক ৰক্ষা কৰিবলৈ উপস্থিত হয়।

https://youtu.be/jQzDujMzfoU

ৰোণীৰ ভাতৃয়ে কোনো কামত ছিৰিয়াত যায় আৰু তাত কোনোৱে তেওঁক মাৰ ধৰ কৰে । লগে লগে ৰোণী ছিৰিয়া লৈ গৈ সকলোৰে বিৰুদ্ধে যুঁজ কৰে ।

উল্লেখযোগ্য যে এই ছবি খন মুক্তি লাভ কৰিব ২০২০ চনৰ ৬ মাৰ্চ তাৰিখে। বাঘী ৩ ৰ নিৰ্দেশনা কৰিছে আহমেদ খানে । লগতে এই ছবি খনৰ প্ৰয়োজনা কৰিছে ছাজিদ নাডিয়াডৱালাই । লগতে ছবি খনৰ সংগীত পৰিচালনা কৰিছে টানিচেক বাগছী, মিট ব্ৰ'চ , আমাল মালিক , সন্দীপ শ্ৰীধৰকৰ আৰু ৰোচক কোহলিয়ে ।

এই ছবিখনত টাইগাৰ শ্ৰোফ আৰু শ্ৰদ্ধা কাপুৰৰ উপৰিও অভিনয় কৰিব ৰিতেশ দেশমুখ, অংকিতা লোখণ্ডে, চানকী পাণ্ডে, আছুতোষ ৰাণা আৰু বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে ।

উল্লেখযোগ্য যে টাইগাৰ শ্ৰোফ তেওঁৰ এক্সনৰ বাবে অধিক জনপ্ৰিয়। টাইগাৰ শ্ৰোফে বাঘী , বাঘী ২ , ৱাৰ , হিৰোপন্টী আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় প্ৰদৰ্শন কৰিছে। পূৰ্বৰ ছবি বাঘী আৰু বাঘী ২ ই বহুতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। বাঘী ৩ য়ে পৰৱৰ্তী সময়ত কিমান জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় সেয়া হ'ব লক্ষনীয়।

অন্য খবৰৰ বাবে পঢ়ক : আকৌ এবাৰ আহি আছে মুন্না ভাই, নতুন ছবি ‘মুন্না ভাই ৩’ ত দেখা যাব সঞ্জয় দত্তক

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU Namrup Unit forms human chain demanding immediate setting up of 4th unit of BVFCL

Next Story
চাকৰি