Begin typing your search above and press return to search.

আকৌ এবাৰ আহি আছে মুন্না ভাই, নতুন ছবি 'মুন্না ভাই ৩' ত দেখা যাব সঞ্জয় দত্তক

আকৌ এবাৰ আহি আছে মুন্না ভাই, নতুন ছবি মুন্না ভাই ৩ ত দেখা যাব সঞ্জয় দত্তক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Feb 2020 12:59 PM GMT

আকৌ এবাৰ আহি আছে মুন্না ভাই, নতুন ছবি 'মুন্না ভাই ৩' ত দেখা যাব সঞ্জয় দত্তক।সঞ্জয় দত্ত এজন সকলোৰে পৰিচিত অভিনেতা।' মুন্না ভাই' , 'লগে ৰহো মুন্না ভাই' ৰ পিছত এইবাৰ আহি আছে মুন্না ভাই ৩ । আহিবলগীয়া এই ছবি খনত মুন্নাৰ ৰূপত দেখিবলৈ পোৱা যাব চিৰ পৰিচিত মুন্ন ভাই খ্যাত সঞ্জয় দত্তক । এই ছবি খনৰ ঘোষনা ইতিমধ্যে হৈছে ।ছবি নিৰ্মাতা বিধু বিনোদে কয় যে 'চিকাৰ' ৰ পিছত তেওঁ এইবাৰ মুন্না ভাই ৩ ৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব বিচাৰে । এইবাৰ তেওঁ কমেডি ছবি বনাবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

চিকাৰ ছবি খনৰ প্ৰচাৰৰ সময়ত তেওঁ কয় যে, " মই সঁচাকৈ মুন্ন ভাই বনাব বিচাৰো । এতিয়া কিছুমান হাস্য ৰসিক ছবি বনাব বিচাৰো। মই মুন্না ভাইৰ পৰৱৰ্তী খণ্ডলৈ অধিৰ আগ্ৰহেৰে বাট চাই আছো । অন্তত মোৰ ওচৰত এনেকুৱা কিবা আছে যি মই কৰিব বিচাৰো" । মুন্নাভাই বহু খিনিয়ে হিট হৈছিল । ইয়াৰ ভিতৰত আছিল 'মুন্না ভাই এম বি বি এছ ' আৰু 'লগে ৰহো মুন্না ভাই'। মুন্নাভাই এম বি বি এছ মুক্তি লাভ কৰিছিল ২০০৩ চনত আৰু লগে ৰহো মুন্না ভাই মুক্তি লাভ কৰিছিল ২০০৬ চনত ।

এই দুয়োখন ছবিয়ে ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা নিৰ্দেশিত। এই ছবিত সঞ্জয় দত্তক মুন্না ভাই ৰূপত আৰু আৰছদ ৱাৰসীক চাৰ্কিতৰ চৰিত্ৰত দেখা গৈছিল। এই চৰিত্ৰ দুটাই দৰ্শকৰ মাজত এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে আহিবলগীয়া ছবি মুন্না ভাই ৩ ত আকৌ এবাৰ মুন্নাৰ চৰিত্ৰত দেখা যাব অভিনেতা সঞ্জয় দত্তক । অৱশ্যে এই ছবি খনত আৰছদ ৱাৰসীক দেখা যাব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

উল্লেখযোগ্য যে মুন্নাভাই এম বি বি এছ, আৰু লগে ৰহো মুন্না ভাই সেই সময়ত দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। সম্ভৱত: এই ছবি খনো দৰ্শকে আদৰি ল'ব । এই ছবি খনে দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

তদুপৰি অভিনেতা সঞ্জয় দত্ত এগৰাকী জনপ্ৰিয় অভিনেতা। পুলিছ গিৰি , কলংক, পাণিপট , অগ্নিপথ, নাম , সাজন , চাদক, ধমাল আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰি আহিছে ।

অন্য খবৰৰ বাবে পঢ়ক : ৬৫ তম ফিল্মফেয়াৰ বঁটা অনুষ্ঠান: কোন কোন অভিনেতা অভিনেত্ৰীৰ নাম আছে নমিনেশ্বনত

ভিডিঅ প্ৰতক্ষ্য কৰক : Three lllicit liquor dens busted in Naharkatia, 600 plus litre liquors destroyed

Next Story
চাকৰি