Begin typing your search above and press return to search.

এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ

এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2019 4:44 AM GMT

এনআৰচিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদৰ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদে ৷ পৰিষদে এনআৰচিৰ ক্ষেত্ৰত সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে এনআৰচিৰ জৰিত অন্য লোকসকলৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মংগলবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি পৰিষদৰ নেতাসকলে কয় যে ১৯৫১ আৰু ১৯৬৬ চনৰ ডাটা ব্যৱহাৰ কৰাৰ পিছতো বহু লোক এনআৰচিৰ পৰা বহিস্কৃত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ মন্তব্য কৰে যে চূড়ান্ত এনআৰচি বাদ পৰা লোকসকল বিদেশী ৷তেওঁলোকক নিজৰ দেশলৈ প্ৰেৰণ কৰা হ’ব।

গতিকে এই মন্তব্য স্বদেশীলোক সকলৰ কাৰণে এক চিন্তনীয় বিষয় ।অনূসূচিত জাতি সুৰক্ষা পৰিষদৰ সভাপতি স্বপ্ন কুমাৰ মণ্ডলে কয় যে আমি এনআৰচিৰ ১০০ শতাংশ পুনৰীক্ষণ বিছাৰোঁ ৷যাতে কোনো ভাৰতীয়ৰ নাম বাদ নপৰে। আমি সুখী যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনআৰচিত বাদ পৰা লোকক আইনী সহায় কৰিব বুলি কৈছে ৷ ইফালে এনআৰচিৰ পৰা বাদ পৰা বহু লোক হিন্দু বাঙালী সম্প্ৰদায়ৰ বুলি দাবী কৰে পৰিষদে।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

অন্য খবৰৰ বাবে পঢ়ক:এনআৰচিৰ কামক উচ্চতম ন্যায়ালয় সমীক্ষা কৰিব লাগে: এজিপি সভাপতি অতুল বৰা

ভিডিঅ প্ৰতক্ষ্য কৰক:Biswanath farmers worried over pest attack on rice crops | The Sentinel News | Assam News

Next Story
চাকৰি