Begin typing your search above and press return to search.

ধৰ্ষনৰ অভিযুক্তক দুদিনৰ পাৰোলৰ মঞ্জুৰী এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

ধৰ্ষনৰ অভিযুক্তক দুদিনৰ পাৰোলৰ মঞ্জুৰী এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2020 6:49 AM GMT

ধৰ্ষনৰ অভিযুক্তক দুদিনৰ পাৰোলৰ মঞ্জুৰী এলাহাবাদ উচ্চ ন্যায়ালয়ৰ । বৃহস্পতিবাৰে এলাহাবাদ‌ উচ্চ ন্যায়ালয়ে কাৰাগাৰত আৱদ্ধ ধৰ্ষন কাণ্ডৰ অভিযুক্ত অতুল ৰয়ক দুদিনৰ পাৰোলৰ মঞ্জুৰী প্ৰদান কৰে । অতুল ৰয় বিগত বৰ্ষত ঘোষী,উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনত জয় লাভ কৰিছিল । অতুল ৰয়ক নতুন দিল্লীত সাংসদ ৰূপে শপত গ্ৰহনৰ বাবে দুদিনৰ পাৰোলৰ মঞ্জুৰী প্ৰদান কৰিছে ।

এলাহাবাদ‌‌ উচ্চ ন্যায়ালয়ে কয় যে ২৯ জানুৱাৰী তাৰিখে আৰক্ষীয়ে তেওঁক দিল্লীলৈ লৈ যাব আৰু ২০২০, ৩১ জানুৱাৰী তাৰিখে শপত গ্ৰহন কৰাৰ পিছত আকৌ তেওঁক কাৰাগাৰলৈ অনা হ'ব । এই আদেশ প্ৰদান কৰে ন্যায়াধীশ ৰমেশ‌ সিন্হা ।

বিগত বৰ্ষৰ‌ মে' মাহত বৰনাসীৰ লংকা আৰক্ষী চকীত অতুল ৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তাৰ পিছতেই তেঁও আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

২০১৯ চনৰ ১৯ মে' তাৰিখে লোকসভা‌ নিৰ্বাচনত অতুল ৰয়ে জয়ী হৈছিল যদিও জামিন লাভ নকৰাৰ ফলত তেওঁ শপত গ্ৰহণ কৰিব পৰা নাছিল ।

উল্লেখযোগ্য যে, অতুল ৰায়ৰ বিৰুদ্ধে ৱালিয়া জিলাৰ এগৰাকী যুৱতীয়ে বনাৰসৰ লংকা থানাত গোচৰ ৰুজু কৰিছিল। যুৱতী গৰাকীয়ে তেওঁৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰিছিল। তাৰ পিছতেই তেওঁ লোকসভা‌ নিৰ্বাচনত ঘোষীৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ হৰিনাৰায়ন ৰাজভৰক পৰাস্ত কৰি জয় লাভ কৰে । অতুল ৰয় বহুজন সমাজ পাৰ্টীৰ নেতা ।

অন্য খবৰৰ বাবে পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে: সদৌ অসম ছাত্ৰ সন্থা

ভিডিঅ প্ৰতক্ষ্য কৰক: Two children aged 4 and 7, died in fire accident in Guwahati

Next Story
চাকৰি