উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে: সদৌ অসম ছাত্ৰ সন্থা

উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে: সদৌ অসম ছাত্ৰ সন্থা।‌ বুধবাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত পৃথক শুনানি হ'ব । উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে দ্যা চেন্টিনেলৰ আগত কয় যে, " এই পদক্ষেপক আমি আদৰণি জনাও। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আমাৰ আইনী যুঁজ অব্যাহত থাকিব" ।

লগতে তেওঁ কয় যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ১৪৪ খন আৱেদন দাখিল হৈছিল। সেই সমূহেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে । কিন্তু ৰাষ্ট্ৰীয় স্তৰৰ কিছুমান আৱেদনত ইতিমধ্যে আহিবলগীয়া ছয় ধৰ্মাৱলম্বী লোক হিন্দু, খ্ৰীষ্টান,শিখ, পাৰ্চী, আৰু জৈনৰ লগত মুছলমান আৰু তামিল লোক সকলক অন্তৰ্ভুক্ত কৰাৰ কথা আছে । যদি সেই আৱেদন সমূহত কেন্দ্ৰই সন্মতি দিয়ে তেন্তে সেই আৱেদন সমূহত নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত কোনো সংৰক্ষণ নহ'ব । কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থান স্পষ্ট যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা কোনো জাতি, ধৰ্মৰ লোককেই কেতিয়াও অসমে স্বীকাৰ নকৰে ।

তদুপৰি তেওঁ কয় যে , যদি নাগৰিকত্ব সংশোধনী আইন ৰূপায়িত হয় তেন্তে দেশৰ আন্য ৰাজ্যৰ তুলনাত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত বেছি নেতিবাচক প্ৰভাৱ পৰিব। এয়া এইকাৰণে যে অসমে ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অবৈধ বিদেশীৰ বোজা গ্ৰহন কৰিছে যি অসম চুক্তিৰ ভিত্তি বৰ্ষৰ ওপৰত নিৰ্ধাৰিত আছিল। অন্যহাতে ৰাজ্যৰ বাকী অংশ সমূহৰ বাবে ভিত্তি বৰ্ষ ১৯৫১ । অসমৰ জনসাধাৰণে অসম চুক্তিৰ উলংঘন নকৰে ।

বহু বছৰ ধৰি অসমত অবৈধ অনুপ্ৰবেশকাৰীৰ আগমনৰ ওপৰত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে এনে ধৰণৰ আগমনে অসমৰ মূল জনসংখ্যাৰ ওপৰত ভাবুকি আনিছে ।

বিদেশী সকলৰ অতিৰিক্ত বোজাই অসমৰ ভূমি , অস্তিত্ব, সংস্কৃতি, আৰু ভাষাৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিব। সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও অসমক দ্বিতীয় খন ত্ৰিপুৰা হ'বলৈ নিদিয়ে। ত্ৰিপুৰাত খিলঞ্জীয়া লোকৰ সংখ্যা কমি গৈছে গতিকে অসমে কেতিয়াও নাগৰিকত্ব সংশোধনী আইন মানি নলয়।

ভিডিঅ প্ৰতক্ষ্য কৰক: Two children aged 4 and 7, died in fire accident in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com