Begin typing your search above and press return to search.

এটি নৱজাত শিশুক চাবলৈ জনসাধাৰণে ভিৰ কৰিছে চিকিৎসালয়ত:উপায়ন্তৰ চিকিৎসক

এটি নৱজাত শিশুক চাবলৈ জনসাধাৰণে ভিৰ কৰিছে চিকিৎসালয়ত:উপায়ন্তৰ চিকিৎসক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2019 11:56 AM GMT

এটি নৱজাত শিশুক চাবলৈ জনসাধাৰণে ভিৰ কৰিছে চিকিৎসালয়ত । আমি কিছু সময়ত শুনা কিছুমান ঘটনাই আমাৰ মন মগজুত ক্ৰিয়া কৰি থাকে। তেনে এক ঘটনা সংঘটিত হয় ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ নয়দাত ৷ কাৰণ নয়দাৰ এখন চিকিৎসালয়ত জন্ম হৈছে এটি নৱজাত শিশু ৷ আৰু সম্প্ৰতি এই শিশুটোক চাবলৈ লানি নিচিগা ভীৰ হৈছে চিকিৎসালয় খনত ৷ দৰাচলতে নৱজাত শিশুটি বেলেগ শিশুতকৈ অলপ পৃথক ৷কাৰণ শিশুটোৰ আছে এডাল নেজ ।

যাৰ কাৰণ চিকিৎসালয়খনৰ চিকিৎসক আৰু শিশুটিৰ পৰিয়ালৰ লোকসকলক আচৰিত হৈ পৰিছে। আৰু যেতিয়াই আচৰিত ধৰ শিশুটিৰ নেজ আছে বুলি প্ৰচাৰ লাভ হ’ব তেতিয়াই চিকিৎসালয় খনত শিশুটিৰ ফ’টো ল’বলৈ বিভিন্ন লোক একত্ৰিত হৈছে ৷ সেয়েহে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই শিশু আৰু মাতৃক ঘৰলৈ পঠায় দিছে।

ইফালে শিশুটিৰ জন্ম হৈছিল দনকৌৰৰ অঞ্চলটোৰ এখন প্ৰাথমিক চিকিৎসা কেন্দ্ৰত হৈছিল ৷ নেজৰ সহিতে জন্ম হোৱা শিশুটি দেখি প্ৰত্যেক জন লোক আচৰিত হৈ পৰিছিল। চিকিৎসকৰ মন্তব্য অনুসৰি এইয়া সাধাৰণ সমস্যা। এইয়া কেৱল ১ ৰ পৰা ২ শতাংশ লোকৰ মাজত দেখা যায়। ইয়াক কোৱা হয় Sacrococcygeal Teratoma ৷ এইয়া এক প্ৰকাৰৰ টিউমাৰ ৷এমআৰআই হোৱাৰ পিছত শৰীৰৰ পৰা মাংস আঁতৰি যাব আৰু তাৰ জীৱনত কোনো নেতিবাছক প্ৰভাৱ নপৰে। আনহাতে শিশুটিৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসক নাৰ্ছে সুস্থ বুলি জানিবলৈ দিয়ে আৰু মাতৃ দুগ্ধ পান কৰি আছে বুলিও মন্তব্য কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: মেঘালয়ৰ IAS বিষয়াৰ ব্যতিক্ৰমী ৰূপ , পিঠিত ২১ কেজি শাক পাচলি লৈ খোজ কাঢ়িলে ১০ কিলোমিটাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Lumding MLA Sibu Mishra donates 3 bigha land to Pranabananda Women's College

Next Story
চাকৰি