Begin typing your search above and press return to search.

২২ পৰা ২৫ জুনলৈ অম্বুবাচী মেলা: কামৰূপ জিলা উপায়ুক্ত, যান বাহন আৰক্ষীৰ সংবাদমেল

২২ পৰা ২৫ জুনলৈ অম্বুবাচী মেলা: কামৰূপ জিলা উপায়ুক্ত, যান বাহন আৰক্ষীৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2019 1:35 PM GMT

২২ জুনৰ পৰা আৰম্ভ হব অম্বুবাচী মেলা । ইতিমধ্যে দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে কামাখ্যাত । নীলাচলৰ বুকুত এতিয়া এক উখল মাখল পৰিবেশ । জিলা প্ৰশাসনে সম্পুৰ্ণ কৰিছে প্ৰায় প্ৰস্তুতি।আজি কামাখ্যা অম্বুবাচী মেলাৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যানবাহান শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়া ৰ সংবাদমেল সম্বোধন কৰে।

অম্বুবাচী মেলালৈ অহা ভক্ত সকলৰ বাবে ৬ তা শিবিৰ ৰ ব্যৱস্থা কৰা হৈছে। তাৰে ৩ তা শিবিৰ থাকিব ফাঁচী বজাৰ পুৰণি জেইল চৌহদত। বাকী পাণ্ডুত এটা , গৌৰীপাৰা তৰুণ সংঘত এটা আৰু কামাখ্যা ৰ সমীপৰ নাহৰ বাৰীত এটা শিবিৰৰ ব্যবস্থা কৰা হৈছে ।

৪০ হাজাৰতকৈ অধিক ভক্ত থাকিব পাৰিব উক্ত শিবিৰ কেইটাত।

২৯ টা খাদ্য ভাণ্ডাৰা আৰু ৪০ টা পানীৰ ভাণ্ডাৰা নিযুক্তি দিয়া হ'ব । ব্যক্তিগত ভাণ্ডাৰাৰ অনুমতি দিয়া হোৱা নাই। কাৰোবাৰ যদি খাদ্য বিতৰণ কৰিবলৈ ইচ্ছা থাকে তেনেহলে শিবিৰত গৈ খাদ্য বিতৰণ কৰিব পাৰিব।

কামাখ্যা মন্দিৰৰ ওপৰলৈ যোৱা মূল পথকে ধৰি অন্য তিনিটা পথ ব্যৱহাৰ কৰিবলৈ দৰ্শনাৰ্থীক আহ্বান জনাইছে ।বিভিন্ন শিবিৰত থকা ভক্ত সকলক অনা নিয়া কৰিবৰ বাবে ৮০ খন বাহন পৰিবহন নিগমৰ পৰা যোগান ধৰা হ'ব ।

মুঠ দুটা তথ্য কেন্দ্ৰ থাকিব। য'ত স্বাস্থ্য সেৱা তথা তথ্যৰ সকলো সুবিধা লাভ কৰিব পাৰিব ভক্ত সকলে। তথ্য কেন্দ্ৰ দুটা কামাখ্যা ৰেলৱে ষ্টেচন আৰু কামাখ্যালৈ উঠি যোৱা মূল দুৱাৰৰ কাষত থাকিব।

লগতে সংবাদমেলত যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়াই কয় যে ওপৰলৈ উঠিবৰ বাবে কোনো বাহনকে অনুমতি দিয়া নহয়। বৃদ্ধ বৃদ্ধা , গৰ্ভৱতী মহিলা, কেঁচুৱা থকা মহিলা আৰু দিব্যাংগ সকলৰ বাবে ৪০ খন ফেৰী কাৰ ৰ ব্যৱস্থা কৰা হ'ব । ৰাতিপুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে চলিব এই ফেৰী কাৰ সমূহ।

দূৰনীবতীয়া বাহন সমূহ জালুকবাৰীৰ পৰা মহানগৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ বিপৰীতে ISBT ত বাহন সমূহ পাৰ্কিং কৰিব পাৰিব।

দীনেশ গোস্বামী পথত ভৰলুৰ পৰা জালুকবাৰীলৈকে বস্তু কঢ়িওৱা বাহনকে আদি কৰি অন্য কোনো ধৰণৰ বাহন চলা চল কৰিব নোৱাৰিব। বিমানবন্দৰলৈ যোৱা বাহন সমূহকো অন্য পথেৰে যাবৰ বাবে অনুৰোধ যানবাহন শাখাৰ উপ আৰক্ষী আয়ুক্তৰ।

মুঠ ২৫০ জন ট্ৰেফিক পুলিচ নিয়োগ কৰা হৈছে অম্বুবাচী মেলাত ।

আজি সংবাদমেল যোগে এই কথা প্ৰকাশ কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ বিশ্বজিৎ পেগু আৰু যানবাহান শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়ায়ে।

অন্য খবৰৰ বাবে পঢ়ক:অনাগত অম্বুবাচী মেলাৰ উপলক্ষে বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Next Story
চাকৰি