অনাগত অম্বুবাচী মেলাৰ উপলক্ষে বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

অনাগত অম্বুবাচী মেলাৰ উপলক্ষে বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

অনাগত অম্বুবাচী মেলাৰ কাৰণে সাজু হৈছে কামৰুপ মহানগৰ আৰক্ষীৰ লগতে অম্বুবাচী মেলাৰ পৰিচালনা সমিতি ৷ ইয়াৰ মাজতে ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মেলাৰ কাৰণে এখন বৈঠকৰ আয়োজন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ এই বৈঠকখনত পৰ্যটন মন্ত্ৰী চন্দ্ৰ ব্ৰহ্মই অম্বুবাচী মেলাৰ সন্দৰ্ভত আলোচনা কৰে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও সকলো বিভাগক মেলাখন আৰম্ভ হোৱাৰ পূৰ্বেই জিলা প্ৰশাসনক সকলো যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সোনোৱালে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি নীলাচল পাহাৰত ভিৰ কৰিবহি লগতে শক্তি পীঠ কামাখ্যাত উপস্থিত হ’ব ৷সেয়েহে ভক্তসকলৰ সুবিধাৰ্থে সকলো যাৱতীয় পদক্ষেপ হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰী সোনোৱালে পৰিবহন,চিকিৎসা,বিদ্যুৎ,স্বচ্চতা আদি কামৰ নিৰীক্ষণ কৰে ৷

লগতে কোনো সা সুবিধাৰ যাতে অসুবিধা নহয় তাৰ কাৰণে সকলোকে সস্ত্ৰম হৈ থাকিবলৈ কয়৷ অন্যহাতে অসমৰ সামাজিক, সাংস্কৃতিক,আধ্যাত্মিক আৰু পৰ্যটন সকলোৰে বিশেষত্বসমূহক প্ৰদৰ্শন কৰিবলৈ কয় মুখ্যমন্ত্ৰী সোনোৱালে ৷ অসমত অতিথিসকলক ভগৱানৰ দৰে ব্যৱহাৰ কৰে ৷ অতিথিসকলক ভগৱানৰ দৰে ব্যৱহাৰ কৰাটো পুৰণি পৰম্পৰা৷গতিকে চলিত বৰ্ষতো অম্বুবাছী মেলাত অতিথিসকলক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ ৷

মুখ্যমন্ত্ৰীয়ে ভক্তসকলৰ সুবিধাৰ্থে বিভাগীয় কৰ্তৃপক্ষক সকলো ফালৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ৷ লগতে পিএইচই ডিপাৰ্টমেন্টক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ আদেশ দিয়ে৷আৰু গুৱাহাটী পৌৰ নিগমকো অম্বুবাচী মেলাৰ সময়ত ভক্ত সকলক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ কয় ৷

অন্যহাতে যিসমূহ লোক বিকলাংগ,তেওঁলোকৰ চলাচলত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ কাৰণে অসম ৰাজ্যিক পৰিবহন নিগমক পৰ্যাপ্ত পৰিমাণৰ বাছৰ ব্যৱস্থা কৰিবলৈ আদেশ দিয়ে ৷ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগক ২৪ ঘন্টাই কামাখ্যা মন্দিৰৰ চৌপাশে চিকিৎসা সেৱাত ব্ৰতী থাকিবলৈ কয়। উল্লেখ্য যে বৈঠকখনত অসম পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,ৰাজেশ প্ৰসাদ,কামৰূপৰ আৰক্ষী আয়ুক্ত বিশ্বজিৎ পেগু আদি উপস্থিত আছিল ৷

অসম পৰ্যটন নিগমৰ অধক্ষ্য জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি অম্বুবাচী মেলাৰ কাৰ্যসূচী সমূহৰ বিষয়ে প্ৰকাশ কৰে । ২২ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হব লগীয়া অম্বুবাচী মেলা সম্পৰ্কত তেও কয় যে ২১ তাৰিখে উদ্ধোধন হব অম্বুবাচী মেলা ৷ মহানগৰী সোনাৰাম খেলপথাৰত বিয়লি ৪ বজাত উদ্ধোধন কৰিব ভাৰতৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম ৷ উদ্ধোধনি অনুষ্ঠানত সন্ধিয়ালৈ আয়োজন হব সাংস্কৃতিক সন্ধিয়া বুলি কয় অধক্ষ্য গৰাকীয়ে|

সাংস্কৃতিক অনুষ্ঠানত দেৱী বন্দনা পৰিবেশন কৰিব বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাস খেৰে ৷ ২২ তাৰিখৰ পৰা ২৫ তাৰিখলৈ বন্ধ থাকিব কামাখ্যাৰ মূল দূৱাৰ ৷ আনহাতে যোৱা বৰ্ষৰ দৰে এইবাৰো সোনাৰাম খেলপথাৰত সন্ধিয়া ৩ বজাৰ পৰা ৰাতি ৮ বজালৈকে ২২ তাৰিখৰ পৰা ২৮ তাৰিখলৈ সপ্তাহ যোৰা কাৰ্যসূচীৰে দেৱী ভাগৱত পাঠ অনুষ্ঠিত হব ৷

চাদবি অদিতি ভাৰতী আৰু দিব্যজ্যোতি সংস্থা নামৰ এটা অনুষ্ঠানে পাঠ কৰিব দেৱী বন্দনা ৷পৰ্যটন বিভাগে জানিব দিয়া অনুসৰি তিনিওটা পথতে ভক্ত সকলৰ সুবিধাৰ্থে স্থাপন কৰা হব শৌচালয়,খোৱাপানী,জিৰনি গৃহ ৷ ইয়াৰ উপৰিও ভক্ত সকলে উঠোতে কোনো কষ্ট নাপায় তাৰ বাবে ৰেলিংৰ ব্যৱস্থা থাকিব ৷ ইয়াৰ উপৰিও সমগ্ৰ কামখ্যা পাহাৰত অম্বুবাচীৰ দিন কেইটা বাজি থাকিব ধৰ্মীয় সংগীত ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com