কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিজেপিৰ প্ৰতিনিধিসকললৈ আশ্বাস প্ৰদান

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিজেপিৰ প্ৰতিনিধিসকললৈ আশ্বাস প্ৰদান
Published on

মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,বিজেপিৰ সাধাৰণ সম্পাদক ফণী শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সহিতে বিজেপিৰ এক উচ্চস্তৰীয়া প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ৷ দেওবাৰে প্ৰশাসনিক সেৱা মহাবিদ্যালয়ত হোৱা বৈঠকত ভাগ ল’বলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এনআৰচি সন্দৰ্ভীয় এখন স্মাৰক পত্ৰ জ্ঞাপন কৰে বিজেপিৰ উচ্চ স্তৰীয়া কমিটীখনে ৷

ইফালে স্মাৰক পত্ৰ জ্ঞাপন কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখন মত বিনিময় কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে আমি ৩১ আগষ্টত প্ৰকাশত পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত লাখৰো অধিক বিদেশী সন্নিবিষ্ট হোৱা আৰু স্বদেশী লোকৰ নাম সন্নিবিষ্ট নোহোৱাৰ সন্দৰ্ভত অৱগত কৰোৱা হৈছে ।দাসে লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এই ক্ষেত্ৰত উল্লেখ যোগ্য ভূমিকা ল’ব বুলি আশ্বাস প্ৰদান কৰে ।আৰু সকলো বিদেশীৰ নাম এনআৰচিৰ পৰা বহিস্কৃত কৰা হ’ব বুলি উল্লেখ কৰে।

লগতে ১৯৭১ চনৰ পূৰ্বতে ভাৰতলৈ অহা লোকসকলৰ নামহে এনআৰচিত অন্তৰ্ভূক্ত কৰা হ’ব বুলি কয়। ইফালে গৃহমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এনআৰচিক সফল হিছাপে নিৰ্মাণ কৰিবৰ কাৰণে সকলো উপায় কৰিব বুলি আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com