Begin typing your search above and press return to search.

দেশৰ আৰ্থিক অৱস্থা শক্তিশালী হৈছেঃ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত

দেশৰ আৰ্থিক অৱস্থা শক্তিশালী হৈছেঃ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Aug 2019 10:14 AM GMT

বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই মন্তব্য কৰে যে অসম কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই কোৱাৰ দৰে সাধাৰণ জনতাই কেতিয়াও বিশ্বাস নকৰে যে বিজিপিৰ আধাৰত দুৰ্নীতিৰ কাৰণে ভাৰতত আৰ্থিক সংকটে দেখা দিছে ৷ লগতে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশৰ অাৰ্থিক অৱস্থা উন্নত হৈছে ৷ এই ব্যৱস্থাই দেশক শক্তিশালী কৰি তুলিছে।

দেশৰ অৰ্থনৈতিক ব্যৱস্থাক শক্তিশালী কৰিবৰ কাৰণে বিগত পাঁচ বছৰত মোডী চৰকাৰে লোৱা পদক্ষেপে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক পাঁচ ত্ৰিলিয়ন আমেৰিকাৰ ডলাৰলৈ পৰিণত কৰিছে। সুভাষ দত্তই লগতে কয় যে মোডী চৰকাৰে কৌশল বিকাশ আৰু নিযুক্তিৰ কাৰণে এক পেনেল গঠন কৰিছে ৷ ইফালে অাৰ্থিক ব্যৱস্থাক সুদৃঢ় কৰিবৰ কাৰণে মোডী চৰকাৰে উচ্চ স্তৰীয় সমিতি গঠন কৰিছে। আনহাতে অসমত সম্প্ৰতি বিভিন্ন বিকাশৰ লগতে বিমান বন্দৰ নিৰ্মাণৰ কাৰণে যাৱতীয় ব্যৱস্থা লৈছে।

ইফালে পাৰাদীপৰ পৰা অসমলৈ গেছ পাইপ লাইনৰ পৰিকল্পনাক আগবঢ়োৱা,নুমলীগড় এনআৰএলৰ পৰিসৰ বিস্তাৰ,ৰেলৰ ট্ৰেক নিৰ্মাণ আদি বিভিন্ন পদক্ষেপ উল্লেখযোগ্য ৷ সম্প্ৰতি বিভিন্ন দিশৰ লগতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা উজ্জ্বল হৈ পৰিছে ৷২০১৩ -১৪ বিত্তীয় বৰ্ষত কংগ্ৰেছৰ কাৰ্যকালত এফডিআৰৰ পৰিসংখ্যা আছিল ৩৬.০৫ বিলিয়ন ডলাৰ আছিল ৷ কিন্তু ২০১৮-১৯ বিত্তীয় বৰ্ষত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগত এফডিআই হয় গৈ ৬৪.৩৭ ডলাৰ।

অধিক খবৰৰ বাবে পঢ়ক:ৰাজ্যৰ বিজেপিলৈ ১৫ লাখ নতুন সদস্যৰ আগমনঃৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাস

ভিডিঅ প্ৰতক্ষ্য কৰক:Zubeen Garg in Nagaon for Kanchenjungha promotion | The Sentinel News | Assam News

Next Story
চাকৰি