Begin typing your search above and press return to search.

অসমলৈ ৫১ লাখ টকাৰ বান সাহাৰ্য্য মেগাষ্টাৰ অমিতাভ বচ্ছনৰ

অসমলৈ ৫১ লাখ টকাৰ বান সাহাৰ্য্য মেগাষ্টাৰ অমিতাভ বচ্ছনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2019 1:47 PM GMT

বান বিধস্ত অসমলৈ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্ছনৰ ৫১ লাখ বান সাহাৰ্য্য । বিগ বি অমিতাভ বচ্ছনে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ৫১ লাখ সাহাৰ্য্য প্ৰদান কৰিছে ।

অমিতাভ বচ্ছনে এই সাহাৰ্য্যৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰে।

https://twitter.com/sarbanandsonwal/status/1153653751086870531

সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি ভূমিস্খলনত মৃত্যু হৈছে দুজন ৷ ৰাজ্যৰ বিধ্বংসী বানত লোকসকলৰ ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ইফালে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰৰ লগত জিয়া ভৰালী ৷ আনহাতে সোমবাৰলৈকে বিশেষকৈ ১৮ খন জিলাৰ ৫৯ ৰাজহ চক্ৰৰ ২২৮৩ খন গাঁৱৰ ৩০,৫৫,৮৩৭ জন ব্যক্তি বানত প্ৰভাৱিত হৈছে ৷ বানত প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজী, বিশ্বনাথ, দৰং, বৰপেটা, নলবাৰী, চিৰাংগ, বঙাইগাঁৱ, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ (মেট্ট), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট আৰু কাছাৰ ৷

বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিল বলীউডৰ লগতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বিশ্বাস ৷ অভিনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী পুঁজিলৈ বানাক্ৰান্তৰ কাৰণে পাঁচ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে ৷

অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে । যতিন বৰায়ে ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে। লগতে জনপ্ৰিয় অভিনেতা জনে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ সমগ্ৰ দেশবাসীকে আহ্বান জনাই ।

আনহাতে ক্ৰিকেটাৰ ৰিয়ান পৰাগে সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে । ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰিয়ান পৰাগক ধন্যবাদ জ্ঞাপন কৰি টুইটাৰযোগে প্ৰকাশ কৰে।

আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে ।

অসমত প্ৰলয়ংকাৰী বানৰ সময়তে বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান বলীউড তাৰকা জন আব্ৰাহমৰ । যিমান সামৰ্থ সিমান সহায় কৰিবলৈ আহ্বান জনাইছে বলীউডৰ তাৰকা গৰাকীয়ে। জন আব্ৰাহমে টুইটাৰযোগে সহায় কৰিবলৈ আহ্বান জনাইছে ।

বলীউডৰ তাৰকা জন আব্ৰাহমৰ লগতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ে টুইটাৰযোগে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে। দিয়া মিৰ্জায়ে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে ।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

অন্য খবৰৰ বাবে পঢ়ক: যতিন বৰা, ৰিয়ান পৰাগ, ৰিমা দাস আৰু বহুজনৰ বানাক্ৰান্তলৈ সাহাৰ্য্য

Next Story
চাকৰি