Begin typing your search above and press return to search.

যতিন বৰা, ৰিয়ান পৰাগ, ৰিমা দাস আৰু বহুজনৰ বানাক্ৰান্তলৈ সাহাৰ্য্য

যতিন বৰা, ৰিয়ান পৰাগ, ৰিমা দাস আৰু বহুজনৰ বানাক্ৰান্তলৈ সাহাৰ্য্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 July 2019 10:45 AM GMT

ৰাজ্যৰ বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে । অসমৰ বান বৰ্তমানলৈকে ৪৮ জন লোকৰ মৃত্যু হৈছে । অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ বহুতো বলীউড তাৰকা, ক্ৰিকেটাৰ , এথলেটিকে আহ্বান জনাই ।

অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে । যতিন বৰায়ে ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে। লগতে জনপ্ৰিয় অভিনেতা জনে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ সমগ্ৰ দেশবাসীকে আহ্বান জনাই ।

ছছিয়েল মেডিয়াত জনপ্ৰিয় অভিনেতা জনে প্ৰকাশ কৰে যে, এইটো অতি দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা যে প্ৰত্যেক বছৰে অসমবাসী বানৰ কৱলত পৰে। মই বানাক্ৰান্ত সকলক সম্ভাৱনীয় সকলো সাহাৰ্য্য প্ৰদান কৰিম । মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছো । অনুগ্ৰহ কৰি সকলো ওলাই আহি বানাক্ৰান্তক সহায় কৰক ।"

আনহাতে ক্ৰিকেটাৰ ৰিয়ান পৰাগে সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে । ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰিয়ান পৰাগক ধন্যবাদ জ্ঞাপন কৰি টুইটাৰযোগে প্ৰকাশ কৰে।

আই পি এচ বিষয়া বিবেকানন্দ সিঙে নিজৰ এক মাহৰ দৰমহাৰ প্ৰদান কৰিছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে আই পি এচ বিষয়া গৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে ।

অসমত প্ৰলয়ংকাৰী বানৰ সময়তে বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান বলীউড তাৰকা জন আব্ৰাহমৰ । যিমান সামৰ্থ সিমান সহায় কৰিবলৈ আহ্বান জনাইছে বলীউডৰ তাৰকা গৰাকীয়ে। জন আব্ৰাহমে টুইটাৰযোগে সহায় কৰিবলৈ আহ্বান জনাইছে ।

বলীউডৰ তাৰকা জন আব্ৰাহমৰ লগতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ে টুইটাৰযোগে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে। দিয়া মিৰ্জায়ে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে ।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

অসমৰ কিছুমান জিলাত পানীত পৰিমাণ হ্ৰাস হৈছে, ৪৮, ৮৭, ৪৪৩ বৰ্তমানেও বানৰ কবলত, ৩,৭০৫ গাঁও, ৯২ ৰাজহ চক্ৰ আৰু ২৭ জিলা বানপানীৰ কবলত।

অন্য খবৰৰ বাবে পঢ়ক: অসমৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান বলীউড তাৰকা, ক্ৰিকেটাৰৰ

Next Story
চাকৰি