অসমৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান বলীউড তাৰকা, ক্ৰিকেটাৰৰ

অসমৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান বলীউড তাৰকা, ক্ৰিকেটাৰৰ

অসমত প্ৰলয়ংকাৰী বানত দিশহাৰা হৈ পৰিছে ৰাজ্যবাসী। চৌদিশে পানী আৰু পানী । অনাহাৰে ,অনিদ্ৰায়ে দিন ৰাতি কটাব লগিয়া হৈছে বানাক্ৰান্ত সকলে । তেনে সময়তে বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান বলীউড তাৰকা জন আব্ৰাহমৰ । যিমান সামৰ্থ সিমান সহায় কৰিবলৈ আহ্বান জনাইছে বলীউডৰ তাৰকা গৰাকীয়ে। জন আব্ৰাহমে টুইটাৰযোগে সহায় কৰিবলৈ আহ্বান জনাইছে ।

https://twitter.com/TheJohnAbraham/status/1151502422977572864

বলীউডৰ তাৰকা জন আব্ৰাহমৰ লগতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ে টুইটাৰযোগে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে। দিয়া মিৰ্জায়ে বানাক্ৰান্তক সহায় কৰিবলৈ আহ্বান জনাইছে । লগতে অসম সন্তান বলীউডৰ তাৰকায়ে আদিল হুছেইনে বানপিৰিত সকলক সহায় কৰিবলৈ আহ্বান জনাই।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

https://twitter.com/akshaykumar/status/1151435127550988289

ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোকে অসমৰ বানাক্ৰান্তৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আহ্বান কৰিলে অসমৰ পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ তথা হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই ৷ লগতে অসমৰ বানাক্ৰান্ত লোকসকললৈ সকলোকে সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান কৰে অভিনেত্ৰীগৰাকীয়ে ৷ক্ৰিকেটাৰ বিৰাট কোহলি, বীৰেন্দ্ৰ শ্বেহৱাগ, সুৰেশ ৰাইনায়ে বানাক্ৰান্ত সকলক সহায় কৰিবলৈ আহ্বান জনাইছে ।

আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসেও ৰাজ্যৰ বানপৰিস্থিতিৰ কাৰণে প্ৰতিক্ৰিয়া কৰিছে ৷ লগতে জনসাধাৰণৰ সহযোগিতা বিছাৰিছে ৷ লগতে টুইটাৰ যোগে লিখে যে সম্প্ৰতি অসমৰ অৱস্থা সম্প্ৰতি অত্যন্ত শোচনীয় ৷৩০ ৰ পৰা ৩৩ খন জিলা বানে সম্প্ৰতি প্ৰভাৱিত কৰিছে। গতিকে অসমৰ এই অভাৱনীয় পৰিস্থিতিৰ সময়ত অসম কন্যা হিমা দাসে সকলোৰে সহযোগিতা বিছাৰিচে ।

https://twitter.com/HimaDas8/status/1151031705962196993

অসমৰ বানাক্ৰান্তলৈ কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বৰ্ষৰ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আধাৰত ২৫১.৫৫ কোটি টকা মোকলাই দিছে।অসমত ৩০ জন জিলায়ে জলমগ্ন । বৰ্তমানলৈকে ৩৯ জনৰ মৃত্যু হৈছে , প্ৰায় ৫৭ লাখ লোক বানৰ কৱলত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com